অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অ) ভাস্কৰ কলিতাক ৰাজ্যপালৰ নিযুক্ত : ভিন-ভিন দল-সংগঠনৰ অভিনন্দন

অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অ) ভাস্কৰ কলিতাক ৰাজ্যপালৰ নিযুক্ত : ভিন-ভিন দল-সংগঠনৰ অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই আজি এক নিৰ্দেশ যোগে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে দক্ষিণ কামৰূপৰ ৰামপুৰৰ কৃতী সন্তান তথা ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদত অধিষ্ঠিত মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি দিয়াত ভিন-ভিন দল-সংগঠনে একেমুখে অভিনন্দন জনাইছে । এক বিজ্ঞপ্তীত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ”বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “এজন ৰামপুৰীয়া কৃতী সন্তানলৈ এই স্বীকৃতি পোৱাত আমি নথৈ আনন্দিত হৈছোঁ । ভাস্কৰ কলিতাই সমাজৰ সৰ্বাংগিন বিকাশৰ কাৰণে চিন্তা কৰিব । আমি নতুন প্ৰজন্মক আগুৱাই নিয়াত যথোচিত ব্যৱস্থা ল’ব ।” মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক একেমুখে অভিনন্দন জনাইছে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাস, সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাৰ সহকাৰী সম্পাদক জৱাহৰ মেধি, পশ্চিম গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কলিতা, সম্পাদক হনী ঝঁঝৰী, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না দেৱী, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং”, অসম শিশু সাহিত্য সমাজ আদি দল-সংগঠনে । সকলোৱে একেমুখে কয়- ভাস্কৰ কলিতাই লোকসেৱা আয়োগক এক নতুন মাত্ৰা প্ৰদান কৰিব ।