অসম বিধান সভা উপ নির্বাচন-২০২১

pc Social Samosa

অসম বিধান সভা উপ নির্বাচন-২০২১

৫টা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা মুঠ ৩৯গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ

দিছপুৰ ১১ অক্টোবৰ : আসন্ন অসম বিধানসভা উপ নির্বাচন, ২০২১ৰ বাবে দাখিল কৰা মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰাৰ অন্তত প্ৰতিগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ৫ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম সময় সীমা হৈছে অহা ১৬ অক্টোবৰ আৰু এই উপ নিৰ্বাচনৰ ভোটগ্রহণ অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব।

মনোনয়ন পত্র বৈধ বুলি ঘোষণা কৰা বিভিন্ন দলৰ প্ৰাৰ্থীৰ তালিকাখন এনেধৰণৰ—

ভাৰতীয় জনতা পাৰ্টী-৩

ভাৰতীয় জাতীয় কংগ্ৰেছ-৫

কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া-১

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্রেটিক ফ্রন্ট-২

ইউনাইটেড পিপ’লছ পাৰ্টী লিবাৰেল-২

বড়োলেণ্ড পিপ’লছ ফ্রণ্ট-১

ভোটাৰছ পাৰ্টী ইণ্টাৰনেচনেল-৩

নেশ্যনেল ৰ’ড মেপ পাৰ্টী অৱ ইণ্ডিয়া-১ অসম সংগ্রামী মঞ্চ-১

গণ সুৰক্ষা পাৰ্টী-২

নির্দলীয়-১৮