অসম ফুটবল সন্থাৰ ৫৭ সংখ্যক সন্তুস লখৰ এফ মণ্ডল ট্ৰফীৰ চূড়ান্ত খেলত বিজয়ী ধেমাজী ফুটবল দল

অসম ফুটবল সন্থাৰ ৫৭ সংখ্যক সন্তুস লখৰ এফ মণ্ডল ট্ৰফীৰ চূড়ান্ত খেলত বিজয়ী ধেমাজী ফুটবল দল

অমৰজিৎ ৰাভা, ৰঙিলী বাৰ্ত্তাসেৱা-  ‘অসম ফুটবল সন্থাৰ উদ্যোগত, ভেৰগাঁ‌ও জিলা আৰু ডিমাকুছী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা ৫৭ সংখ্যক এফ মণ্ডলৰ সন্তুস লখৰ ট্ৰ্ফী যোৱা ৪ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ চাঁ‌ৰি দিনিয়া কাৰ্যসূচীৰে ডিমাকুছী ষ্টেডিয়ামত নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। পৰিপেক্ষিতত চূড়ান্ত খেল অনুষ্ঠিত হয় আৰু উক্ত চূড়ান্ত খেলখন উদ্ধোধন কৰে ৬৫ নং কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োয়ে। লগত উপস্থিত থাকে ক্ৰমে বিটিচি ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাউৱাইছা বড়ো সহ বিজেপি জনজাতি মৰ্চাৰ জিলা সভাপতি জুওশ্ৰাং বড়ো, দলৰ কাৰ্যকৰ্তা অৰ্জুন বড়ো, ভেৰগাও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক লক্ষী ৰাম বড়ো সহ এবছুৰ বিভিন্ন বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও ক্ৰীড়া সন্থাৰ প্ৰতিনিধি উপস্থিত থকা চূড়ান্ত খেলখন ধেমাজী আৰু মঙ্গলদৈৰ মাজত অনুষ্ঠিত হয়। প্ৰায় সহশ্ৰাধিক দৰ্শকে উপভোগ কৰা তীব্ৰ উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখনত দুৰ্দান্ত খেল পৰিৱেশনৰে প্ৰথম আৰু দ্বিতীয়ৰ্ধত সৰ্বমুঠ ৫-০ গ’লৰ ব্যৱধানত ধেমাজী দলে মঙ্গলদৈ দলক পৰাস্ত কৰি অসম ফুটবল সন্থাৰ ২০২১ বৰ্ষৰ এফ মণ্ডলৰ সন্তুস লখৰৰ বিজয়ী ট্ৰফী লবলৈ সক্ষম হয়।