অসম প্ৰদেশৰ প্ৰথম খন ৰাজ্যিক বিষয়-ববীয়া সভা অনুষ্ঠিত
অনলাইন বার্তাসেৱা- আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ অতিথি শালাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথম খন ৰাজ্যিক বিষয়-ববীয়া সভা অনুষ্ঠিত হয়। এই সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিজেপি ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ,উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামোৱাল ডাঙৰীয়া,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়াৰ লগতে ৰাজ্যিক বিষয়-ববীয়াসকল, ৰাজ্যিক মৰ্চাৰ সভাপতিসকল উপস্থিত থাকে।
উক্ত সভাত আগন্তক দিনত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ দিশ,কাৰ্যপন্থা আৰু পৰিকল্পনা সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰা হয়।
(RT.)