অসম দেশৰ বিষম নেতা
ৰঙিলী বাৰ্ত্তাসেৱা- খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন শোধোৱাৰ সময়তে এইবাৰ মিঠাতেলৰ দাম বৃদ্ধিৰ সন্দৰ্ভত উদ্ভত মন্তব্য দিছপুৰৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ।ইতিমধ্যে, ২০০ টকাৰ ঘৰ অতিক্ৰম কৰি ২৩০ টকা পৰ্য্যন্ত হৈছে প্ৰতি লিটাৰ মিঠাতেলৰ দাম।যাক লৈ জীয়াতু ভুগিছে সাধাৰণ জনতাই।মিঠাতেলৰ দাম বৃদ্ধিৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে,”ভুলতো আপুনি নাখাব মিঠাতেল।বিজেপি চৰকাৰৰ দিনত মিঠাতেল ৯০ শতাংশই ভেজাল।আপুনি মিঠাতেল নাখালে মৰি যাব মিঠাতেলৰ বেপাৰী।”