অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত এইবাৰৰ সংহাৰী বানত ৩২ খন জিলাত ৫০ লক্ষতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে৷ এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ১৪৬টা ৰাজহ চক্ৰৰ ৯০০২ খন গাঁও বানপানীয়ে বুৰাই পেলাইছে৷ ক্ষতিগ্ৰস্ত এলেকাত ৩৩১৭টা আশ্ৰয় শিবিৰ মুকলি কৰা হয়৷ তথ্য অনুসৰি এতিয়ালৈকে বানপানীত ১৩৫ জন লোক মৃত্যুমুখত পৰে৷ ৭৭৫৫টা পশুধনৰ মৃত্যুৰ লগতে ১৬১৬৮টা বাসগৃহও ক্ষতিগ্ৰস্ত হয়৷ প্ৰলয়নকাৰী বানপানীত ৩৪৯টা পথৰ ক্ষতি হয়৷ ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে বৰপেটা, দৰং, নলবাৰী আৰু নগাঁও জিলাত৷ দৰং আৰু নলবাৰী জিলাত সৰ্বাধিক ৬৯টা পথৰ ক্ষতি হোৱাৰ লগতে বৰপেটাত ৫৩টা আৰু নগাঁৱত ৫১টা পথৰ ক্ষতি হয়৷ কেইবালক্ষ হেক্টৰ শস্য ভূমিৰ লগতে প্ৰায় ২০০ কোটিতকৈ অধিক মূল্যৰ মাছ ব্যক্তিগত পুখুৰীৰ পৰা ওলাই যায়৷ ফলত শ-শ মৎস্য পালকে মূৰে-কপালে হাত দিবলগীয়া হৈছে৷-এই মন্তব্য তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ৷আজি মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত দিলীপ কুমাৰ শৰ্মাই পুনৰ কয়-ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ এই প্ৰলয়নকাৰী ধ্বংসলীলাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাই অসমবাসীক ক্ষুদ্ধ আৰু ক্ষুন্ন কৰি তুলিছে৷ নিৰ্বাচনৰ সময়ত বানমুক্ত অসমৰ শ্ল’গান দিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে এই দুৰ্যোগৰ সময়ত জনসাধাৰণক সকাহ দিয়াত দৃষ্টিকটুভাৱে ব্যৰ্থ হৈছে৷ ক্ষতিগ্ৰস্তক নামমাত্ৰা সাহায্য দিয়েই চৰকাৰে দায়িত্ব সামৰিছে৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তই হা-হুমুনিয়াহৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ আনকি নিৰ্বাচনৰ সময়ত ‘এ-ফৰ-আসাম’, ‘ঈশানকোণ’, ‘অষ্টলক্ষ্মী’ আদি বিশেষণেৰে অসমক বিভূষিত কৰা প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক ফোন বা এটা টুইট কৰিয়েই দায়িত্ব সামৰিছে৷ নিজেই চাবলৈ অহাটো দূৰৰে কথা, কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় প্ৰতিনিধি দল এটাকো অসমলৈ প্ৰেৰণ নকৰিলে৷ এই ক্ষেত্ৰত কেন্দ্ৰক সৈমান কৰাত অসমৰ মুখ্যমন্ত্ৰীয়ে দুখলগাকৈ ব্যৰ্থ হোৱা দেখা গৈছে৷ এতিয়ালৈকে আনকি কেন্দ্ৰই কোনো সাহায্য পুঁজিও মোকলাই নিদিলে৷ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত হতাশ হোৱা মুখ্যমন্ত্ৰী উপায় নাপাই লজ্জা ঢাকিবৰ কাৰেণেই হওক বা ৰাইজৰ ক্ষোভ মৰিষণ কৰিবলৈ হওক কেন্দ্ৰীয় পুঁজি নালাগে বুলিও মন্তব্য দিবলৈ বাধ্য হৈছিল৷ কেন্দ্ৰৰ এনেকুৱা ভূমিকা ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত লোকৰ প্ৰতি এক চৰম উপহাস৷বানমুক্ত অসমৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে অসমক বানসাহায্য প্ৰদান কৰাত বিগত বৰ্ষ কেইটাত চৰম প্ৰতাৰণা আৰু হেমাহিৰ আশ্ৰয় লৈছে৷ ২০১৭ চনত জুলাই মাহতো ৰাজ্যখনত প্ৰবল বানপানী হৈছিল৷ সেইবাৰো ২৬ খন জিলাৰ ৮১টা ৰাজহ চক্ৰৰ ২৪৫০ খন গাঁও বানত আক্ৰান্ত হৈছিল৷ ১১৯ জন ব্যক্তি মৃত্যুমুখত পৰিছিল৷ বানপানী শামকটাৰ লগে লগে সেইবছৰৰে আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদী অসমলৈকে আহি খানাপাৰাস্থিত প্ৰশাসনিক মহাবিদ্যালয়ত বান পৰ্যালোচনা সভাত অংশ লৈছিল৷ এই সভাত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰ-ৰাজ্যৰ আমোলাসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰিছিল৷ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্ৰায় ৩ হাজাৰ কোটিটকীয়া পেকেজ আৰু ব্ৰহ্মপুত্ৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু এই ঘোষিত ধন আজিলৈকে ৰাজ্যখনে নাপালে৷তাৰোপৰি বিগত বছৰ কেইটাত অসমক ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (NDRF)ৰ ধনো মুকলি কৰি দিয়া নাই৷ সংসদত দাখিল কৰা তথ্য অনুসৰিয়েই ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত মাত্ৰ ২০২০-২১ বৰ্ষতহে অসমক কেন্দ্ৰই অতি নগণ্য পৰিমাণৰ ৪৪.৩৭ কোটি ধন NDRF-ৰ পুঁজিৰ পৰা মোকলাই দিয়ে৷ অথচ ২০২০-২১ বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ২৬৪২.৯৯ কোটি টকা বিচাৰিছিল৷ তেনেকৈ ২০২১-২২ বৰ্ষতো অসমে বিচৰা ১০১৮.১৫ কোটি টকাৰ বিপৰীতে মাত্ৰ ৫১.৫৩ কোটি টকা NDRFৰ শিতানৰ পৰা মোকলাই দিয়ে৷ এয়াই প্ৰমাণ কৰে ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ প্ৰতি থকা দায়িত্বহীনতা৷ অথচ একেটা বৰ্ষতে কেন্দ্ৰই গুজৰাটক ১০০০ কোটি, মধ্য প্ৰদেশক ৬০০.৫০ কোটি, কৰ্ণাটকক ৯৯৬.৪৫ কোটি আৰু বিহাৰক ১০৩৮.৯৬ কোটি টকা NDRF শিতানৰ পৰা মোকলাই দিছিল৷ অসমৰ প্ৰলয়নকাৰী বানপানী আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ সময়তো কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ প্ৰতি কৰা এই অন্যায় আৰু প্ৰৱঞ্চনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছো৷ অতি শীঘ্ৰে অসমৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পৰ্যাপ্ত পুঁজি মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক অসমৰ এই দুৰ্যোগ চাই যাবলৈ দাবী জনালো৷অসমৰ বান পৰিস্থিতিক লৈ অসম তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ ওচৰত দাবী জনালোঁ৷