অসম চৰকাৰৰ “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ

pc- Facebook

অসম চৰকাৰৰ “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ

অনলাইন বাৰ্ত্তাসেৱা- জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ “প্ৰাৰ্থনা” আঁচনিৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৬০জন হিতাধিকাৰীক এক লাখ টকাকৈ চেক বিতৰণ এক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ বিতৰণ কৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, শর্মিষ্ঠা বৰা, বিপুল কুমাৰ দাস আৰু গুণজিৎ ৰায়চৌধুৰী আদিৰ উপৰি প্ৰশাসনৰ আন আন বিষয়াববীয়াসকল উপস্থিত থাকে। এই সভাত ভাষণ প্রদান কৰি কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে কʼভিডত বিশ্বৰ বহু পৰিয়াল নিঠৰুৱা হʼল। কʼভিড মহামাৰীয়ে প্ৰাণ কাঢ়ি নিয়া ব্যক্তিৰ নিকট আত্মীয়ৰ আৰ্থিক সকাহৰ কথা চিন্তা কৰিয়েই অসম চৰকাৰে কʼভিডত পিতৃ-মাতৃ ক হেৰুওৱা শিশুৰ বাবে শিশু সেৱা আঁচনি, কʼভিডত স্বামীহাৰা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি, কʼভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ প্ৰাৰ্থনা আঁচনিৰ অধীনত আর্থিক সকাহৰ ব্যৱস্থা কৰিছে ।