অসম চৰকাৰৰ “এনকাউন্টাৰ সংস্কৃতি”ৰ বিৰূদ্ধে গৰজি উঠিল অসম তৃণমূল কংগ্ৰেছ

অসম চৰকাৰৰ “এনকাউন্টাৰ সংস্কৃতি”ৰ বিৰূদ্ধে গৰজি উঠিল অসম তৃণমূল কংগ্ৰেছ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। নিষিদ্ধঘোষিত আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াত বিশ্বজিৎ বৰগোহাঁই, মনোজ বৰগোহাঁই, দ্বীপজ্যোতি নেওঁগ আৰু শিৱসাগৰৰ পল্লৱজ্যোতি গগৈক আৰক্ষীয়ে যি গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিলে সেই সন্দৰ্ভত সৰৱ হোৱা দেখা গ’ল ৰিপুণ বৰাক। তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, – নিষিদ্ধঘোষিত আলফাত যোগদান কৰিবলৈ যোৱা কাৰ্য্যক অসম তৃণমূল কংগ্ৰেছে কোনো কাৰণতে সমৰ্থন নকৰে কিন্তু অসমীয়া যুৱকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰা কাৰ্য্যকো আমি কোনোপধ্যেই মানি ল’ব নোৱাৰো। এহাতেদি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে “আৰক্ষী জনসাধাৰণৰ বন্ধু হ’ব লাগে, আনহাতেদি তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত আৰক্ষীয়ে অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে”। আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াত বিশ্বজিৎ বৰগোহাঁই, মনোজ বৰগোহাঁই, দ্বীপজ্যোতি নেওঁগ আৰু শিৱসাগৰৰ পল্লৱজ্যোতি গগৈক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা কাৰ্য্যক তৃণমূল কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ প্ৰশ্ন কৰে- আজিৰ অসমীয়া নৱপ্ৰজন্মই আলফালৈ যাব লগীয়া কিয় হৈছে? মুখ্যমন্ত্ৰীয়ে এফালে কৈছে উন্নয়নৰ গংগা বৈছে, তেতিয়াহলে প্ৰশ্ন হৈছে আমাৰ অসমীয়া যুৱক-যুৱতীয়ে উন্নয়নৰ গংগাত স্নান কৰিবলৈ পোৱা নাই নেকি? আজি অসমীয়া যুৱকৰ পুনৰ প্ৰত্যাবৰ্তন ঘটিছে আলফালৈ। মূল্যবৃদ্ধি, ব্যাপক কৰ-কাটল, কৰ্মসংস্কৃতিহীন পৰিবেশে অসমীয়া নতুন প্ৰজন্মক ক্ষুব্ধ কৰি তুলিছে আৰু তাৰেই বহিঃপ্ৰকাশ বিচ্ছিন্নতাবাদী কাৰ্য্যপন্থালৈ তেওঁলোকৰ সমৰ্থন। এতিয়া প্ৰশ্ন উঠিছে ক্ষোভিত অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ বাবে চৰকাৰে এইধৰণৰ এনকাউন্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি? ইয়াৰ উপৰিও বৰাই মন্তব্য কৰে যে, “শদিয়াৰ বিশ্বজিৎ বৰগোহাঁই, মনোজ বৰগোহাঁই, দ্বীপজ্যোতি নেওঁগ পৰিবহন বিভাগৰ উচ্ছেদিত কৰ্মচাৰী আছিল। আমি সকলোৱে জানো এটা চাকৰি থকাৰ পিছত হঠাৎ যদি তেওঁলোকে চাকৰি হেৰুৱাই, এজন ব্যক্তিয়ে মানসিকভাৱে কি পৰিস্থিতিৰ সন্মুখীন হয়। অসম চৰকাৰে কেতিয়াবা অসমীয়া যুৱক-যুৱতীৰ মনৰ উমান ল’বলৈ চেষ্টা কৰিছেনে? এখন নিৰ্বাচিত চৰকাৰে জনসাধাৰণৰ অভিভাৱক হ’বলৈ চেষ্টা কৰিব লাগে। এনকাউন্টাৰ ব্যৱস্থা দায়িত্বশীল অভিভাৱকৰ ধৰ্ম কেতিয়াওঁ হ’ব নোৱাৰে। আৰক্ষীয়ে তিনিওজন যুৱকক সুস্থভাবে আটক কৰিব পাৰিলে হয়, কিন্তু তাকে নকৰি এনকাউন্টাৰ কিয় কৰিবলগীয়া হ’ল? পল্লৱজ্যেতি গগৈৰ ক্ষেত্ৰতো আৰক্ষীৰ ভাষ্যৰ বিপৰীতে পৰিয়ালৰ ভাষ্য বেলেগ। সমগ্ৰ ঘটনাটোৱেই এটা ডাঙৰ প্ৰশ্নবোধক।”লগতে সংবাদমেলত ৰিপুণ বৰাই কয় যে- সাধাৰণ জনতাৰ আজি পানীত হাঁহ নচৰা অৱস্থা। ক্ষোভিত মানুহৰ ক্ষোভ উপশম কৰাৰ সঠিক বাট এই ঋণগ্ৰস্ত বিজেপি চৰকাৰৰ হাতত নাই। হতাশাগ্ৰস্ত অসমীয়া যুৱক-যুৱতীৰ কণ্ঠৰুদ্ধ কৰাৰ চৰকাৰী আঁচনি হ’ল এই “এনকাউন্টাৰ ব্যৱস্থা”। চৰকাৰৰ ব্যাপক আৰ্থিক সংকট, কৰ্মসংস্থাপনহীন পৰিবেশ, নিবনুৱাৰ হামৰাও আৰু ক্ষোভিত, বঞ্চিত, নিৰ্যাতিত অসমীয়াৰ কন্ঠ ৰোধৰ বাবে চৰকাৰৰ দমননীতিক প্ৰতিনিধিত্ব কৰা উদেশ্য প্ৰণোদিত এই “এনকাউন্টাৰ ব্যৱস্থা”ক অসম তৃণমূল কংগ্ৰেছ দলে গৰিহণা দিয়াৰ লগতে বন্ধ কৰাৰ দাবী জনায় ।