অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূর্ণ সিদ্ধান্ত 

Pc- The Sentinel Assam

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূর্ণ সিদ্ধান্ত 

অনলাইন বাৰ্ত্তাসেৱা-  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি লৈ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পর্কত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে এ এইচ এছ ই চি/এ চি এ/চি আই আৰ/১৪৪/৯৯/বি-১১১ নম্বৰৰ এখন পত্রযোগে শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰে।মহামাৰী ক’ভিড-১৯সৃষ্ট জটিল পৰিস্থিতিৰ প্ৰেক্ষাপটত ৰাজ্যত ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল। যাৰ কাৰণে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প মূল্যায়ন পদ্ধতিৰে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল।