অসম আৰক্ষীৰ পৰিবৰ্তনৰ পথত দুজন বিশিষ্ট ব্যক্তিৰ মণিকাঞ্চন সংযোগ  – পিংকু ডেকা

pc The Janambhumi
অসম আৰক্ষীৰ পৰিবৰ্তনৰ পথত দুজন বিশিষ্ট ব্যক্তিৰ মণিকাঞ্চন সংযোগ 
পিংকু ডেকা,
দিপীলা
আমি হয়তো সকলোৱে জানো যে মুম্বাই পুলিচ হৈছে গোটেই পৃথিৱীৰ ভিতৰতে নাম থকা এটা পুলিচ বাহিনী আকৌ এই পুলিচ বাহিনীটো মহাৰাষ্ট্ৰ পুলিচৰ এটা গুৰুত্বপূৰ্ণ অংশ। আকৌ বম্বে হাই কৰ্টে এই মুম্বাই পুলিচক লণ্ডনৰ পুলিচৰ Scotland yard ৰ পিছতেই স্থান দিছে। অন্যহাতে Scotland yard হৈছে লণ্ডনৰ এক বিশেষ পুলিচ ব্যৱস্থা যাক গোটেই পৃথিৱীৰ ভিতৰতেই সকলো দিশৰ পৰা আগৰণুৱা বুলি কলেও হয়তো ভুল কোৱা নহব। এই পুলিচ ব্যৱস্থা ইমানেই স্মাৰ্ট কায্যক্ষম আৰু আধুনিকীকৰণ কায্যকুশলতাৰে ভৰপূৰ যাৰ কাৰণে ই গোটেই বিশ্বত জনাজাত হোৱাৰ উপৰিও বিশ্বৰ ভিতৰতেই এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আকৌ মুম্বাই আৰক্ষীয়েও সকলো ক্ষেত্ৰতে এক প্ৰভুত্ব বৰঙণি আগবঢ়াই আহিছে। আমাৰ ভাৰতবৰ্ষৰ অন্যতম জনবহুল মহানগৰ মুম্বাই হৈছে বলিউডৰ তাৰকা জগতৰ ভঁৰাল ঘৰ। গতিকে মুম্বাই মায়া নগৰত বিভিন্ন দেশ বিদেশৰ মানুহ অহা যোৱা হৈ থকাতো স্বাভাৱিক। অন্যহাতে মহাৰাষ্ট্ৰৰ এটা অংশ ভাৰত মহাসাগৰে স্পৰ্শ কৰি আছে। সেই গতিকে তাৰ নিৰাপত্তাৰ দিশটো অন্য ৰাজ্যৰ তুলনাত আৰু এখোজ টনকিয়াল হোৱাটো খুবেই প্ৰয়োজন। ইয়াৰ বাহিৰেও ৰাজ্য খনৰ জনসংখ্যা অতি উচ্চ। গতিকে মহাৰাষ্ট্ৰ পুলিচে ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰয়োজনীয় এই সকলোবোৰ কাম নিয়াৰিকৈ চলাই থকাৰ ওপৰিও আকৌ মুম্বাই পুলিচক বিশ্বৰ সকলোতকৈ উৰ্ধত থকা Scotland yard সৈতে তুলনা হোৱাটো সমূহ ভাৰত বাসীৰ বাবে এক গৌৰৱৰ বিষয়। ইয়াৰ মূলতঃ যদি আমি সকলোবোৰ দিশ চালি জাৰি চাওঁ তেনেহলে আমি দেখিব পাওঁ যে মহাৰাষ্ট্ৰ পুলিচৰ অন্তৰ্গত মুম্বাই পুলিচৰ যি আন্তঃ গাঁথনি সেয়া বহুত সবল আৰু তাৰ নিযুক্তি প্ৰক্ৰিয়াও স্বচ্ছ নিকা হোৱা কথা বহু সময়ত শুনা পোৱা যায়। যিহেতু নিকা আৰু স্বচ্ছ মাধ্যমৰ মাজেৰেহে সঠিক মানদণ্ডৰ কায্যকুশল সম্পন্ন প্ৰাৰ্থী বাছনি কৰা সম্ভৱ হয়। এই কাৰণেই হয়তো মুম্বাই পুলিচ বহুত স্মাৰ্ট কায্যকুশল সম্পন্ন আৰু ভাব বিনিময়ত অতিকৈ পাকৈত। গতিকে স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট কাম,সেয়েহে হয়তো দেশৰ অন্য ৰাজ্যৰ তুলনাত অন্য এক নাম।
      আমাৰ অসম পুলিচেও এনেকুৱা এটা ভাল স্থান লাভ কৰি অসমৰ নাম গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বত চিনাকী হোৱাটো এজন অসমীয়া হিচাপে মইও মনে প্রানে বিচাৰো। এই ক্ষেত্ৰত হয়তো অসম চৰকাৰ তথা অসম পুলিচৰ প্ৰতিজন কৰ্মকৰ্তাৰ  সুস্থ চিন্তা ধাৰা আৰু পৰম্পৰাগত নীতি নিয়মক ধৰি ৰখাৰ লগতে এক পৰিৱৰ্তনশীল ভাৱধাৰাক আঁকোৱালি লোৱাটো নিতান্তই প্ৰয়োজন হব। কাৰণ উপযুক্ত পৰিৱৰ্তনেহে নিজৰ পৰিচয়ৰ বাট দেখুৱাই দিব পাৰে। কিন্তু এনে পৰিবৰ্তনৰ বাবে প্ৰথমে হয়তো অসম আৰক্ষী বিভাগৰআন্তঃগাঁথনিৰ ভেটিতো মজবুতকৈ তৈয়াৰ কৰি লবই লাগিব আৰু নতুন নতুন চিন্তা ধাৰাৰ প্ৰয়োজন কেতিয়াও হয়তো আমি নুই কৰিব নোৱাৰো। অসম পুলিচৰ এই ভেটিতো মজবুত কৰি আন্তঃগাঁথনি সমূহ সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কিন্তু অপৰিসীম। অসম পুলিচত ৰাজ্যৰ জনসংখ্যা অনুপাতে আৰু বহুতো পুলিচ বিষয়াৰ পদ খালি হৈ থকাৰ লগতে এতিয়াও কিছুমান শাখাৰ প্ৰয়োজনীয়তা আছে। যিবোৰ শাখা হয়তো তাহানিতে হৈ উঠিব লাগিছিল আৰু যাৰ কাৰণেই আজি আমাৰ অসম পুলিচ কিছুমান কামৰ ক্ষেত্ৰত লেহেমীয়া গতিত আগবঢ়া অনুভৱ হয় বা সময়ৰ কাম সময়ত আগবাঢ়ি যোৱাত হয়তো বাধা আহি পৰে। যদি আমি সামগ্ৰিক বিকাশ ফালৰ পৰা চাওঁ তেনেহলে অসম পুলিচ দেশৰ আগশাৰী অন্য ৰাজ্যৰ তুলনাত প্ৰায় দহ পোন্ধৰ বছৰ পিছ পৰি থকা অনুভৱ হয় মূলতঃ ইয়াৰ দুৰ্বল আন্তঃগাথঁনিৰ বাবে। কিন্তু এইটো কব লাগিব যে অসম আৰক্ষীত বৰ্তমান কৰ্তব্যৰত সকলোবোৰ আৰক্ষীয়েই কৰ্মমুখী। মাথো উপযুক্ত পৰিমাণৰ আৰক্ষীৰ অভাৱ কাৰণেহে কেতিয়াবা  হীনদেৰি হোৱা দেখা যায়। ৰাজ্যত অভাৱ অসীম কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত সদায় অভাৱ হৈ থাকিলে ৰাজ্যৰ উন্নতিত বাধা অহাটো স্বাভাৱিক।আকৌ এই সকলোবোৰ ক্ষেত্ৰত চৰকাৰৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ দায়িত্ব হয়তো অপৰিসীম। কিয়নো সঞ্চালক প্ৰধান গৰাকীহে বিভাগটোত প্ৰয়োজন হোৱা অভাৱ অভিযোগবোৰ সদায় আগতে মুৰ পাতি লবলগীয়া হয় বা নিজ চকুৰে ওচৰৰ পৰা দেখি থাকে যদিও সকলোবোৰ চৰকাৰ কৰ্টিপক্ষৰ বিভাগীয় মুৰব্বীৰ হাতত আবদ্ধ থাকে আৰু যাৰ কাৰণেই প্ৰয়োজনত প্ৰয়োজনীয় পূৰণ কৰিবলৈ সমৰ্থ নহয়। আকৌ আমি দেখিব পাও যে এজন আৰক্ষী সঞ্চালক প্ৰধানৰ কায্যকাল খুব বেছিকৈ দুই বা তিনি বছৰ হোৱা দেখা যায়। গতিকে সেই কম দিনৰ ভিতৰত বিভাগৰ কোনো অভাৱ নিৰীক্ষণ কৰি চৰকাৰলৈ প্ৰস্তাৱ দাখিল কৰাৰ পিছত সেই প্ৰস্তাৱ কাৰ্যকৰি হোৱা লৈকে বিশিষ্ট সেই সঞ্চালক প্ৰধান গৰাকীৰ হয়তো চাকৰি অৱসৰৰ সময় আহি পৰে। গতিকে উক্ত সেই সঞ্চালক প্ৰধান গৰাকীৰ কায্যকালত আৰক্ষীত এক  পৰিৱৰ্তন আনিব বিচাৰিও কাৰ্যত পৰিণত কৰিবলৈ সক্ষম নহয় মূলতঃ লেহেমীয়া গতিৰ এই দীঘলীয়া কায্যক্ৰমণিকাৰ বাবে। যদি চৰকাৰে বিভাগৰ অভাৱ অভিযোগবোৰৰ সম্পূৰ্ণ দায়িত্ব পূৰ্ণ স্বাধীনতাৰে বিভাগৰ সঞ্চালক প্ৰধান গৰাকীৰ হাতত গতাই দিয়ে তেনেহলে তেওঁৰ সেই কম সময়ৰ ভিতৰতে বিভাগৰ অভাৱ অভিযোগবোৰ পূৰণ কৰিবলৈ নিশ্চিত ভাৱে সক্ষম হয়। বৰ্তমান নতুন চৰকাৰৰ নৱাগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসম আৰক্ষীক ন ৰূপৰে সজাই তুলি অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখি পুৰ্ন উদ্যমৰে আগবাঢ়ি অহা দেখা গৈছে আৰু আৰক্ষী বিভাগৰ বিভিন্ন অভাৱ অভিযোগ সমূহ পূৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ হাতত অৰ্পণ কৰিছে। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ অসম আৰক্ষীৰ পৰিবৰ্তনৰ বাবে থকা এক সদিচ্ছাৰ সম্পূৰ্ন ছবি খন ফুটি উঠিছে। আকৌ বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৈছে ভাস্কৰ জ্যোতি মহন্ত চাৰ। তেওঁ এজন সুদক্ষ, নিপুণ, চিন্তাশীল, প্ৰগতিশীল,এক উদাৰ পৰিৱৰ্তনশীল মনোভাবপন্ন ব্যক্তি। আমাৰ দৃঢ় বিশ্বাস মহন্ত ছাৰৰ নেতৃত্বত অসম আৰক্ষীয়ে এক ডাঙৰ পৰিবৰ্তনৰ মুখ দেখিবলৈ সক্ষম হব। ইতিমধ্যে তেওঁৰ কায্যকালৰ কম দিনৰ ভিতৰতে অসম আৰক্ষীত পোন প্ৰথম বাৰৰ বাবে বিভিন্ন শাখা সমূহ পুনৰ জীৱিত কৰাৰ লগতে মৈত্ৰী আঁচনিৰ অধীনত 340 খন Police Station নিৰ্মাণ আৰু পুনঃনিৰ্মানৰ কাম অব্যাহত আছে লগতে প্ৰথম বাৰৰ বাবে অসম আৰক্ষীত মহিলাৰ সুৰক্ষাৰ বাবে বীৰাংগনা নামৰ এটা সক্ৰিয় পুলিচ বাহিনীৰ জন্ম দিছে। ইতিমধ্যে অসম আৰক্ষীক দেশৰ ভিতৰতে শক্তিশা ৰূপত গঢ়ি তোলাৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধান তথা জিলাৰ সকলো আৰক্ষী অধীক্ষকৰ লগত প্ৰথম বাৰৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছিল । সেই বৈঠকৰ আলোচনা মৰ্মে অসম আৰক্ষীত নতুনকৈ 23000 চিভিল পুলিচ আৰু 12000 আৰক্ষী কামাণ্ডো নিযুক্তিৰ বাবে অনাগত দিনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল। ৰাজ্যখনৰ লগতে দেশৰ যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ অসমত নতুনকৈ 10 টা কামাণ্ডো বেটেলিয়ান গঠনৰ বাবে অতি শীঘ্ৰে কায্যপন্থা হাতত লব বুলি উল্লেখ কৰিছে। ৰাজ্যখনৰ থানা সমূহত কাম কৰাৰ বাবে কৰ্তব্যৰত আৰক্ষীৰ দুটা ভাগৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি ৰাজ্যত নতুনকৈ সাতটা ফৰেনচিক লেবটৰী নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আকৌ ৰাজ্যৰ থানাবোৰত নিষ্পত্তি নোহোৱাকৈ থকা 1.5 লাখ গোচৰ অতি সোনকালে নিষ্পত্তি কৰাত সুবিধা হোৱাকৈ অতিৰিক্ত 2000 এছ আই নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। ইতিমধ্যে অলপতে হৈ যোৱা অসম আৰক্ষী এছ আই পৰীক্ষাত উত্তীৰ্ন  597 জন এছ আই নিযুক্তি কৰা হল যদিও সম পয্যায়ৰ উত্তীৰ্ন একাংশ প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হল মূলতঃ সেই সময়ত মুকলাই দিয়া কম সংখ্যক পদৰ বাবে। আশা কৰিম নিশ্চিত ভাৱে এই সকল প্ৰাৰ্থীৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মুঠতে নতুন চৰকাৰৰ দিনত অসম আৰক্ষীত এক ব্যাপক পৰিৱৰ্তন সাধনৰ জৰিয়তে দেশৰ আগশাৰী আৰক্ষী বাহিনীৰ ৰূপ লোৱাটো নিশ্চিত। পৰিৱৰ্তনশীল মনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মাননীয় ভাস্কৰজ্যোতি মহন্ত ছাৰৰ নেতৃত্বত অসম আৰক্ষীয়ে নিশ্চিত ভাৱে অনাগত দিনত শক্তিশালী ৰূপত গঢ় লৈ উঠিব। উপযুক্ত সময়ত অসম আৰক্ষীৰ পৰিবৰ্তনৰ পথত এই দুজন ব্যক্তিৰ মণিকাঞ্চন সংযোগ বুলি কলেও হয়তো বঢ়াই কোৱা নহব।