অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰফুল্ল য়েইনৰ দেহাৱসান

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰফুল্ল য়েইনৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক প্ৰফুল্ল য়েইনৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াগৰাকী চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ডায়েগনেষ্টিক নাৰ্চিং হোমত আজি পুৱা ৮.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শুভাকাংক্ষী তথা গুণমুগ্ধসকলে ডিব্ৰুগড় মিলন নগৰস্থিত বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয়। তেওঁৰ নশ্বৰদেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। চাকৰি জীৱনৰ অৱসৰ গ্ৰহণৰ পিছতে তেওঁ ডিব্ৰুগড় মিচিং সমাজ জীৱনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। আজি তেওঁৰ নশ্বৰদেহ ডিব্ৰুগড় পূৱ বাণীপুৰস্থিত আগঃ গলুঙত মিচিং ধৰ্মীয় ৰীতি-নীতিৰে সমাধিস্থ কৰা হয়। উল্লেখযোগ্য যে, ১৯৪১ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড় জিলাৰ চিলচিলি মিচিং গাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল য়েইনে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা আই কম অৰ্থাৎ বৰ্তমান উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত শ্বিলঙৰ ছেন্ট এন্টিনিঅ’ কমাৰ্চ কলেজত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপ আৰক্ষী অধীক্ষক পদত মকৰল হয়। তেওঁ ১৯৬৯ চনত অসম আৰক্ষীৰ বিভিন্ন পদত নিষ্ঠাসহকাৰে কাৰ্যনিবাহ কৰাৰ পিছত ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক হিচাপে চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত য়েইনে পত্নী, দুই পুত্ৰকে ধৰি বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ সভাপতি ধৰ্মকান্ত পেগু, সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰকে ধৰি বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।