অসমৰ ৫ বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশ

Pc-iPleaders Blog

অসমৰ ৫ বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশ

ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচন আয়োগে সদৰী কৰা তথ্য অনুসৰি অসমৰ ৫ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ৭,৯৬,৪৫৬গৰাকীৰ ভিতৰত ৫,৮৭,৫৪৮গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশ।২৮নং গোসাঁইগাঁও সমষ্টিৰ ১,৯০,৬৪০গৰাকী ভোটাৰৰ ভিতৰত ১,৪৭,১৬৭ গৰাকী ভোটাৰে ভোটদান কৰে। সমষ্টিটোত ভোটদানৰ হাৰ ৭৭.২০ শতাংশ। ৪১নং ভৱানীপুৰ সমষ্টিৰ ১,৪৮, ১৪৪গৰাকী ভোটাৰৰ ভিতৰত ১,১৩,৮৩৬গৰাকী ভোটাৰে ভোটদান কৰে। সমষ্টিটোত ভোটদানৰ হাৰ ৭৬.৮৪ শতাংশ। ৫৮নং তামুলপুৰ সমষ্টিত ২,১৭,৪৩২গৰাকী ভোটাৰৰ ভিতৰত ১,৪৭,৪৯৭ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোত ভোটদানৰ হাৰ ৬৭.৮৪ শতাংশ। ১০১নং মৰিয়নি সমষ্টিত ১,২৪,২৬৯গৰাকী ভোটাৰৰ ভিতৰত ৮৯,১০০ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদানৰ হাৰ ৭১.৭০ শতাংশ। ১০৭নং থাওঁৰা সমষ্টিৰ ১,১৫,৯৭১গৰাকী ভোটাৰৰ ভিতৰত ৮৯,৯৪৮গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোত ভোটদানৰ হাৰ ৭৭.৫৬ শতাংশ ।