অসমৰ বিশিষ্ট কবি তথা গণকবি অশোক দাসৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

অসমৰ বিশিষ্ট কবি তথা গণকবি অশোক দাসৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাটৰ জিলা ঊষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অসমৰ বিশিষ্ট কবি তথা গণকবি অশোক দাসৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযান,গণকবিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,মাল্য অৰ্পণ ,সমূহীয়া শ্ৰদ্ধাঞ্জলি ,গছপুলি ৰোপন ,ভাগৱত পাঠ ,ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা,ইয়াৰ পাছতে বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুমুদ কোঁৱৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হালোৱা কবি দণ্ডিৰাম বৰা ,অৱসৰপ্ৰাপ্ত শিক্ষক তিতাৰাম দাস আদিৰ লগতে অনুষ্ঠানত পাপৰি বৰা শইকীয়া আদি কৰি অনুষ্ঠানত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে কবিতা পাঠ কৰে।আনহাতে উক্ত অনু্ষ্ঠানৰ পাছতে অশোক দাসৰ স্মাৰক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি তথা চিকিৎসক ডাক্তৰ কুমুদ কোঁৱৰ।নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।