অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ ১,০০০ কোটি টকাৰ অনুমোদন

অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ ১,০০০ কোটি টকাৰ অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই ১,০০০ কোটি টকাৰ অনুমোদন জনাইছে।ৰাজ্য চৰকাৰে ইতিমধ্যে বানত আক্ৰান্ত জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে।এক টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”ৰাজ্যখনৰ বান পৰিস্থিতিৰ ফলত ছয় লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।কেন্দ্ৰই অসমৰ বাবে ১,০০০ কোটি টকা অনুমোদন জনাইছে আৰু আমি ইতিমধ্যে জিলা কৰ্তৃপক্ষক ১৫০ কোটি টকা মুকলি কৰি দিছো।পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ আমাৰ ওচৰত পৰ্যাপ্ত পুঁজি আছে।আমাৰ চৰকাৰী যন্ত্ৰই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আৰু সাহায্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২৪ ঘণ্টাই কাম কৰি আছে।”