অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

PC -NDTV.com

অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ।বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।অসমৰ সম্প্ৰতি বান পৰিস্থিতিত কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।এক টুইটযোগে অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰাৰ কথা সদৰি কৰে।অসমীয়াতে টুইট কৰি অমিত শ্বাহে লিখিছে,‘‘অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ বাতৰিত চিন্তিত হৈ পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি বাৰ্তালাপ কৰোঁ৷এন ডি আৰ এফৰ দল ইতিমধ্যে মোতায়েন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছোঁ।’’উল্লেখ্য যে,ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বানৰ কবলত ২৬খন জিলা।শ-শ গাঁও এতিয়া পানীৰ তলত।৪ লক্ষাধিক লোক বানৰ কবলত পৰিছে। উজনি–নামনি সকলোতে বানত ককবকাইছে বানাক্ৰান্তই।