‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান’ কৰ্মশালাৰ একাদশ দিন

‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান’ কৰ্মশালাৰ একাদশ দিন

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান’ত প্রথম পৰ্যায়ৰ কৰ্মশালাৰ শনিবাৰে একাদশ দিনৰ বৌদ্ধিক সত্ৰত ‘পাশ্চাত্যৰ অন্ধ অনুকৰণত বিপৰ্যস্ত সমাজৰ কৰ্তব্য’ বিষয়ত বৌদ্ধিক শিক্ষা প্ৰদান কৰে ডিমা হাছাওৰ  বিধায়িকা নন্দিতা গাৰলোচাই।তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা কয় যে সাক্ষৰতা আৰু শিক্ষা একে নহয়। আমাৰ প্ৰাথমিক শিক্ষা ঘৰতে আৰম্ভ হয়। ঘৰৰ সংস্কাৰে আমাক মানু্হ হিচাপে গঢ় দিয়ে। কিন্তু প্ৰচলিত শিক্ষাৰে আমি বহু ডিগ্ৰী ল’ব পাৰোঁ , ডাঙৰ ডাঙৰ ডিগ্ৰী ল’লেও শিক্ষিত বুলি ক’ব নোৱাৰো। ঘৰখনৰ তথা আমাৰ সমাজখনৰ সংস্কাৰে আমাক  প্ৰকৃত জ্ঞানেৰে গঢ়ি তোলে। আধুনিকতা আৰু পশ্চিমীয়া সংস্কৃতি একে নহয়। আমি যিমানেই আধুনিক নহওঁ কিয়, যিমানেই আমি আধুনিক শিক্ষাৰে উদ্বুদ্ধ নহ’ও কিয়, আমি আমাৰ মূল সাংস্কৃতিক ধাৰাৰ লগত সংপৃক্ত থাকিব লাগিব। আনহাতে মাতৃ ভাষাৰ শিক্ষা সকলো স্তৰতে থাকিব লাগে। নগৰীয়া জীৱন আধুনিকতাৰ প্ৰতীক হ’ব পাৰে কিন্তু আমাৰ সংস্কৃতি আচলতে গ্ৰাম্য জীৱনতে থাকে। আনহাতে পুৱাৰ প্ৰথম সত্ৰত যোগ- প্ৰানায়াম প্ৰশিক্ষন দিয়ে যোগ গুৰুকুল অসমৰ  হৈ ড° হিমাংশু বুজৰবৰুৱা তত্বাৱধানত  ভাস্কৰ গগৈৰ  সঞ্চালনাত  যোগ শিক্ষা দান কৰে  চিত্ৰলেখা বৰ্মণ, কিৰণ শৰ্মা, মৃত্যুঞ্জয় ৰজক আৰু মৃদুলা লহকৰে।এই প্ৰথম পৰ্যায়ৰ কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বড়ো, তিৱা, মটক আৰু টাই-আহোম জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত ভাতৃত্ববোধ, সাংস্কৃতিক সমন্বয়, জনগোষ্ঠীয় একাত্মতা আৰু অখণ্ডতা বজাই ৰাখি গুৰুজনাৰ বৰ অসমৰ সপোন সাৰ্থক কৰাৰ দিশত কলাক্ষেত্ৰ প্ৰতিশ্ৰুতিবদ্ধ।এই কৰ্মশালাত এটা জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থী সকলে আন আন জনগোষ্ঠীয় নৃত্য-গীতৰ লগতে বৰগীত, সত্ৰীয়া আৰু ভোৰতাল নৃত্য প্ৰশিক্ষণেৰে এক সাংস্কৃতিক সমন্বয় সেতু গঢ়ি তোলাৰ প্ৰয়াস কৰিছে