অসমৰ জনসাধাৰণলৈ জিএমচিএইছৰ অধীক্ষক অভিজিত শৰ্মাৰ বিশেষ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জনসাধাৰণলৈ বিশেষ আহ্বান জিএমচিএইছৰ অধীক্ষক অভিজিত শৰ্মাৰ।সকলোকে পিকনিকলৈ নাযাবলৈ আহ্বান জনোৱাৰ লগতে বিবাহ অনুষ্ঠানলৈ গ’লে ক’ভিড প্ৰট’কল মানি যাবলৈ আহ্বান।ক’ভিড সম্পৰ্কত জনসাধাৰণক সতৰ্ক হ’বলৈ কৈ তেওঁ পুনৰ কয় যে,”অ’মিক্ৰনৰ সম্ভাব্য সংক্ৰমণক লৈ সাজু স্বাস্থ্য বিভাগ।ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত পুনৰ প্ৰয়োজন হ’লে সৰুসজাই ক’ভিড হাস্পতাল সাজু কৰি ৰখা হৈছে।ক’ভিড এতিয়াও আছে।মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব।ক’ভিডত মৃত্যু হোৱা লোকৰ ৮৫ শতাংশ লোকেই লোৱা নাছিল ক’ভিড ভেকচিন।ভেকচিন ল’লে মৃত্যুৰ হাৰ বহু কমি যায়।” আনহাতে অমিক্ৰন সন্দৰ্ভত শিশুসকলৰ ক্ষেত্ৰত অধিক সাৱধান হ’বৰ বাবেও অধীক্ষকগৰাকীয়ে আহ্বান জনায়।