অসমৰ আজ্বহাৰী আৰু মুছলমান সমাজ – ফখৰুদ্দিন আহমেদ

অসমৰ আজ্বহাৰী আৰু মুছলমান সমাজ

ফখৰুদ্দিন আহমেদ

ইং ১৯৯৮ চনৰ অক্টোবৰ মাহৰ ২৭ তাৰিখে দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অসমৰ একমাত্ৰ আৰবী কলেজ “ৰঙীয়া আৰবী কলেজ” ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, প্ৰথিতযশা শিক্ষাবিদ , সানোৱাৰ সুসন্তান প্ৰয়াত হজৰত মৌলানা ইছলামুদ্দিন চাহেবৰ স্মৃতি চাৰণাৰ্থে “মৌলানা ইছলামুদ্দিন সোঁৱৰণী দিৱস”ৰ আয়োজন সানোৱা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল। সেই দিনা তেখেতৰ ইতিপূৰ্বে প্ৰকাশিত লেখনি সমূহ সংগ্ৰহ কৰি আৰু তেখেতৰ গৱেষণা গ্ৰন্থ “Introduction and development of Islam in India ” ৰ পৰা কেইটিমান অধ্যায়ৰ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰা ” মৌলানা ইছলামুদ্দিনৰ কলম” নামৰ গ্ৰন্থ এখনিও তেখেতৰ শিক্ষা জীৱনৰ বন্ধু চৈয়দ চামছুল হুদা চাহেবৰ দ্বাৰা উন্মোচন কৰা হৈছিল। চৈয়দ চামছুল হুদা আৰু মৌলানা ইছলামুদ্দিন চাহেবদ্বয় শিক্ষা জীৱনত লগ হৈছিল আফ্ৰিকা মহাদেশৰ পিৰামিডৰ দেশ খ্যাত ঈজিপ্তত। মৌলানা ইছলামুদ্দিন চাহেবে অধ্যয়ণ কৰিছিল ঈজিপ্তৰ ৰাজধানী কাইৰো চহৰত অবস্থিত বিশ্ব বিখ্যাত ” আল্ আজ্বহাৰ বিশ্বাবিদ্যালয়” ত আৰু চৈয়দ চামছুল হুদা চাহেবে অধ্যয়ণ কৰিছিল কাইৰো চহৰতেই অবস্থিত আন এখনি বিশ্ব বিখ্যাত বিশ্ববিদ্যালয় ” জান্নাতুল ফুৱাদুল বিদ্যালয়” ত। এয়া প্ৰায় ইং ১৯৪৮ চনৰ পৰা ইং ১৯৫৪ চনৰ ভিতৰৰ পৰিক্ৰমা। মৌলানা ইছলামুদ্দিন চাহেবে ঈজিপ্তলৈ যোৱাৰ পূৰ্বে কলিকতাস্থিত ” আলিয়া বিশ্ব বিদ্যালয়ৰ পৰা এম. এম. অৰ্হতা লাভ কৰিছিল। কাইৰো চহৰৰ আল্ আজ্বহাৰ বিশ্ববিদ্যালয়ৰ পৰা ইছলাম ধৰ্ম তত্ব বিষয়ত সুখ্যাতিৰে এম. টি.এইচ্ অৰ্হতা লাভ কৰাৰ পিছত তেখতে সেই চহৰতেই অবস্থিত ” আমেৰিকান বিশ্ববিদ্যালয়” ত অধ্যয়ণ কৰি ইংৰাজী সাহিত্যত এম. এ. অৰ্হতাও অৰ্জন কৰিছিল। এই আমেৰিকান বিশ্ববিদ্যালয়তেই মৌলানা ইছলামুদ্দিন চাহেবে দাখিল কৰিছিল “Introduction and development of Islam in India” শীৰ্ষক গৱেষণা গ্ৰন্থখনি। সেই অধ্যয়ণৰ কালতেই লগ হৈছিল অসমৰ শিক্ষা জগতৰ এই দুগৰাকী বৰেণ্য ব্যক্তি । “মৌলানা ইছলামুদ্দিনৰ কলম” গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত চৈয়দ চামছুল হুদা চাহেবে অধ্যাৱসায়ী মৌলানা ইছলামুদ্দিন চাহেব সম্পৰ্কত স্থান , কাল আৰু পাত্ৰ অনুযায়ী উচিত পৰ্যালোচনা আগবঢ়াইছিল বুলি সাম্প্ৰতিক সময়ত বাৰুকৈয়ে অনুভব কৰিছো।
ইং ১৯৫৪ চনত মৌলানা ইছলামুদ্দিন চাহেব ঈজিপ্তৰ পৰা প্ৰত্যাৱৰ্তণ কৰি অহাৰ পৰা ইং ১৯৮৮ চনৰ ২৭ জানুৱাৰীত মৃত্যু বৰণ কৰা কালচোৱা সাম্প্ৰতিক সময়ৰ দৰে ডিজিটেল যুগ নাছিল। কিন্তু তেখেতে লাভ কৰি অহা শিক্ষা , জ্ঞান আৰু প্ৰজ্ঞাৰে কেৱল অসম তথা ভাৰততেই নহয় বহিৰ্বিশ্বতো উজ্বলি উঠিবলৈ সক্ষম হৈছিল। চৰকাৰী চাকৰিলৈ মন নকৰি মৌলানা ইছলামুদ্দিন চাহেবে অসমৰ সমাজ জীৱনলৈ অৰিহনা যোগাবলৈ প্ৰতিষ্ঠা কৰিছিল অসমৰ একমাত্ৰ আৰবী কলেজখনি । তেখেতৰ শিক্ষকতা বৃত্তিলৈ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ইং ১৯৮৩ চনত তেখেতক শিক্ষকতাৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰোপৰি ইং ১৯৫৭ চনত পেলেষ্টাইন অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় সন্মিলনত ভাৰতবৰ্ষৰ প্ৰতিনিধি হিচাপে যোগদান কৰিবলৈয়ো সমৰ্থ হৈছিল। অসমৰ সমাজ ব্যবস্থাত বিশেষকৈ মুছলমান সকলৰ মাজত চলি অহা বহুতো বিতৰ্কিত নীতি নিয়ম সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি নোহোৱাকৈ মিমাংসা কৰাত অগ্ৰণী ভূমিকা লৈছিল। সকলোতকৈ ডাঙৰ কথা এই শিক্ষাবিদ জনাই নিজৰ জীবিত কালত কোনো দিনে নিজৰ নামৰ শেষত “আজ্বহাৰী” উপাধি নিজেও সংযোগ কৰা নাছিল আৰু আনকো সংযোগ কৰিবলৈ অনুমতি দিয়া নাছিল। আমেৰিকান বিশ্ববিদ্যালয়ে মৌলানা ইছলামুদ্দিন চাহেবৰ গৱেষণা গ্ৰন্থখনিৰ স্বীকৃতি প্ৰদান কৰাৰ হেতুকে তেখেতে ডক্টৰেট অৰ্হতাও প্ৰাপ্ত হৈছিল কিন্তু তেখেতে নিজৰ জীৱন কালত কেতিয়াও নিজৰ নামৰ আগত ” ডঃ” লিখা নাছিল। তেখেতে আন ব্যক্তিলৈ লিখা চিঠি-পত্ৰত নিজৰ বামৰ আগত “মৌলানা” নিলিখি “মমহাম্মদ” হে লিখিছিল। মৌলানা ইছলামুদ্দিন চাহেবৰ শিক্ষা , জ্ঞান আৰু প্ৰজ্ঞাৰ বিষয়ে জাতি , ধৰ্ম নিৰ্বিশেষে শ্ৰদ্ধাৰ অসমবাসী ৰাইজক পুণৰাবৃত্তি কৰাৰ প্ৰয়োজন নিশ্চয় নাই। অসমৰ ভাষা আন্দোলন , বিশ্বখ্যাত অসম আন্দোলন ইত্যাদিত মৌলানা ইছলামুদ্দিন চাহেবে স্বদেশ আৰু স্বজাতিৰ পক্ষত থিয় দি নিজৰ দেশপ্ৰেমৰ প্ৰকাশ কৰি থে গৈছে।
এই বিষয়বস্তু খিনিৰ অবতাৰণা কৰিবলগা হোৱাৰ কাৰণ হৈছে বিগত বেছ কিছুদিন ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ আজ্বহাৰী কেইজন মানে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ গৈ হকে বিহকে চ’চিয়েল মেডিয়াৰ মজিয়াত তৰ্ক যুদ্ধত অৱৰ্তীণ হৈ আহিছে।এই কেইদিনত দৃষ্টিগোচৰ হোৱা এনে ঘটনা ক্ৰম এনে ধৰণৰ – জনৈক মোস্তাফা কামাল আজ্বহাৰীয়ে অসমৰ বেৰেলৱী পন্থীৰ লগতে আন পন্থী আলিম সকলক ইছলাম ধৰ্মৰ বিভিন্ন বিষয়ক লৈ প্ৰত্যাহ্বান জনোৱা কাৰ্য , জনৈক মুফটি মুকিবৰ ৰহমান আজ্বহাৰীৰ আজ্বহাৰী লিখাৰ ক্ষেত্ৰত আপত্তি তথা অধিকাৰ নাই শীৰ্ষক বক্তব্য , মোস্তাফা কামাল আজ্বহাৰী আৰু মুফটি মুকিবৰ ৰহমান আজ্বহাৰীৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা লগতে মোস্তাফা কামাল আজ্বহাৰীয়ে অসমৰ মুছলমান সকলক উদ্দেশ্যি অপ্ৰয়োজনীয় ভিডিঅ প্ৰচাৰ কৰা ইত্যাদি যেন অসমৰ মুছলমান সমাজে কেৱল তেখেতৰ ভিডিঅ’ লৈহে অপেক্ষা কৰি আছে।
প্ৰকৃততে শিক্ষিত আৰু জ্ঞানী ব্যক্তিয়ে নিজক প্ৰচাৰ কৰাৰ সকলো মাধ্যম তথা ব্যবস্থাৰ পৰা সততে আতৰি থাকে। তেখেত সকলে মানুহৰ অন্তৰত স্থান লাভ কৰে নিজৰ কামৰ দ্বাৰা । যি কামে সমসাময়িক সমাজ ব্যবস্থাত সকলো দিশতে প্ৰভূত পৰিমাণে উন্নয়ণৰ দুৱাৰ মুকলি কৰে চিৰ দিনলৈ । তেখেত সকলৰ কাম চিৰ দিনলৈ নব প্ৰজন্মৰ বাবে হৈ ৰৈ যায় পৰম অনুকৰণীয় আৰু অনুসৰণীয় ৰূপে। য’ত নিজক প্ৰতিষ্ঠা কৰিবলৈ অনাৱশ্যকীয় ভাবে কোনো ধৰণৰ কচৰৎ কৰাৰ প্ৰয়োজনেই নাই। এই ক্ষেত্ৰত প্ৰয়োজন হয় জনসাধাৰণৰ মাজত সোমাই শাৰীৰিক ভাবে নিজক বিলাই দিব পৰা মানসিকতাৰ । শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি এটি ভিডিঅ বনাই চ’চিয়েল মেডিয়াত প্ৰচাৰ কৰা , কোনো পৰ্টেল বা নিউজ চেনেলৰ মজিয়াত বহি টেবুলত ভুকিয়াই ট’ক শ্বত অংশ গ্ৰহণ কৰা আটাইতকৈ সহজ কাম , যি কামৰ জৰিয়তে নিজৰ জাতিৰ মাজত , সম্প্ৰদায়ৰ মাজত আৰু বিভিন্ন ধৰ্মী মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হোৱাত বাৰুকৈয়ে সহায়ক হ’ব পাৰে। এই ধৰণৰ কাৰ্য কলাপ সংঘটিত কৰা সকলে ভবিষ্যতে নিজকে ৰাজনৈতিক জগতত প্ৰদাৰ্পণ কৰি উন্নতিৰ জখলাত আগুৱাই যোৱাৰ হাবিয়াস ৰাখে।পিছে সাম্প্ৰতিক সময়ৰ অসমৰ আজ্বহাৰী সকলৰ কাৰ্যকলাপে কেৱল অসমৰ মুছলমান সমাজকেই নহয় আন ধৰ্মাৱলম্বী সকলকো চিন্তিত কৰি তুলিছে যেন ভাব হৈছে।
বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় বিলাকৰ ভিতৰৰ অন্যতম “আল্ আজ্বহাৰ বিশ্ববিদ্যালয়” ৰ পৰা উচ্চ অৰ্হতা সম্পন্ন বুলি নিজকে প্ৰচাৰ কৰা জনৈক মোস্তাফা কামাল আজ্বহাৰীৰ মাজত ইং ১৯৫৪ চনত উক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চ অৰ্হতা লৈ অসমলৈ উভতি আহি অসমৰ সাধাৰণ জনতাৰ মাজত নিজকে বিলীণ কৰি দিয়া মৌলানা ইছলামুদ্দিন চাহেবক বিচাৰি অসমৰ বিদ্বৎ সমাজে বহু কষ্ট কৰিবলগীয়া হৈছে।শিক্ষা , জ্ঞান আৰু প্ৰজ্ঞাৰে মহিমামণ্ডিত ব্যক্তিৰ দ্বাৰা সমাজত ঐক্য , শান্তি আৰু প্ৰগতি হোৱাটোহে সমগ্ৰ অসমবাসীৰ একমাত্ৰ কাম্য।