অসমীয়া সংস্কৃতিলৈ মুছলমানসকলৰ অৱদান
ৰাজলক্ষী মুদৈ
অসমৰ সাংস্কৃতি বা অসমীয়া সংস্কৃতি বুলি কলে আমি জানো এই সংস্কৃতি সমন্বয়ৰ সংস্কৃতি।বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণৰ ফলস্বৰূপে বারেরহনীয়া অসমীয়া সংস্কৃতিৰ জন্ম হৈছে।মূলতঃ আৰ্য সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈছে যদিও অসমীয়া সংস্কৃতিত বিভিন্ন জাতি-জনজাতিৰ অৱদানেৰে ভৰপূৰ। অসমলৈ অতীতৰে পৰা দেশ-মহাদেশৰ প্ৰব্ৰজন কাৰি সকলে প্ৰব্ৰজন কৰি আহিছিল।এওঁলোকে অসমলৈ আহি নিজস্ব সংস্কৃতিৰ লগতে অসমৰ থলুৱা লোক সংস্কৃতিৰ লগত সন্মিলিত হৈছিল। প্ৰতিটো পদক্ষেপতে থলুৱা লোকসকলৰ লগত সন্মিলিত হয় এক সমন্বয়ৰ সংস্কৃতি গঢ় লৈ উঠিল। এই সংস্কৃতিত সমন্বয় ঘটিল ভাষা-সাহিত্য,খাদ্য,সাজ-পোছাক, সুকুমাৰ কলা,চাৰু-কাৰু কলা,স্থাপত্য-ভাস্কৰ্য আদিৰ দিশত।
প্ৰবজনকাৰি সকলৰ লগত ইছলামী সংস্কৃতিৰ বাহক মুছলমান মান সকলৰো অসমলৈ আগম ঘটিল।আন প্ৰব্ৰজনকাৰি সকলৰ দৰে এওঁলোকেও অসমতে বসবাস কৰিবলৈ ললে আৰু অসমীয়া সংস্কৃতিৰ লগত খাপ খায় যাবলৈ ধৰিলে।কালক্ৰমত ইছলামী সংস্কৃতি অসমীয়া সংস্কৃতিৰ মাজত এনেদৰে সোমাই পৰিলেযে তাক নাই কৰি চলিলে অসমীয়া সংস্কৃতি আধৰুৱা হয় ৰব।
অসমীয়া শব্দভাণ্ডাৰ লৈ যদি মন কৰো দেখিম যে বহুতো মুছলমান শব্দই অসমীয়া শব্দ হিচাপে স্বীকৃতি পালে তাৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ অন্য নাই তাকেই অসমীয়া শব্দ মান্য ৰূপ হিচাপে ব্যৱহাৰ হয় ,যেন-,ওস্তাদ, চেতাৰ,কিতাপ, নেগেৰা,খেয়াল, টপ্পা ,গিলিপ,আতৰ, ইজাৰ, হুকা,পাগ,জামা ইত্যাদি।অসমীয়া লোক-সাহিত্যটো ইছলামী সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান।এতিয়া যেন অসমীয়া সংস্কৃতিৰ পৰা ইছলামী সংস্কৃতি আহ ফালি উলিওৱা অসম্ভৱ। স্বতঃপোনিদিত ভাৱে এই সমন্বয় এক স্বাভাৱিক প্ৰক্ৰিয়া ।
অসমৰ সাংস্কৃতিৰ ওপৰত মুছলমানৰ প্ৰভাৱ বিভিন্ন স্তৰত পৰিলক্ষিত হয়।তাৰ ভিতৰত হল ভৌতিক কলা, স্থাপত্য-ভাস্কৰ্য, চাৰু আৰু কাৰু কলা,পৰিৱেশ্য কলালগতে অন্যান্য বিভিন্ন দিশত প্ৰভাৱ পৰিলক্ষিত হয়।
মানুহৰ অত্যাবশ্যকীয় অন্ন,বস্ত্ৰ আৰু বাসস্থানেই হল ভৌতিক কলাৰ অন্তৰ্গত।অৰ্থাৎ খোৱা আহাৰ প্ৰস্তকৰণ বসবাস কৰিবলৈ ঘৰ দুৱাৰ পিন্ধন উৰণৰ বাবে কানি-কাপোৰৰ বোৱাকে আদি কৰি সকলো অত্যাবশ্যকীয় বস্তুত মুছলমান সকলৰ অৱদান দেখিবলৈ পোৱা যায় । অসমীয়াৰ সৌন্দৰ্য চৰ্চাত মুছলমান সকলৰ বিলাসৰ সামগ্রীয়ে ঠাই পাইছে।আইনা, আঁতৰ,গোলাপ,হাচনাহানা আদি ব্যৱহাৰ উপৰিও অসমীয়া তিৰোতাই লগোৱক কাজল প্ৰথাটো মুছলমান সংস্কৃতিৰ অৱদান। খাদ্য সম্ভাৰলৈ মন কৰিলে দেখা যায়-পোলাও,কালিয়া, খিছিৰি,আচাৰ,মিঠাই ইত্যাদি মুছলমানৰ পৰাই অহা। তামোল পাণৰ লগত ‘চালি ‘খোৱাটো মোগলসকলৰে ,তেনেদৰে হোকা,পিকদানী আদিও ইছলামসকলৰে। চাৰু শিল্পৰ ভিতৰত সোন ৰূপ বিভিন্ন দৰ্জী ব্যৱসায় ,বিভিন্ন মিনাৰ কাম,কাপোৰত দহি-গুঠা আদি কামসমূহো মুছলমান সকলৰেই অৱদান।
স্থাপত্য-ভাস্কৰ্য দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ঘনশ্যম খনিকৰে মোগল ঐতিহ্য অসমীয়া স্থপত্য ভিতৰচ’ৰালৈ আদৰি আনে।ৰং ঘৰ আৰু তলাতল ঘৰৰ ঘৰ-দুৱাৰ খিৰিকসমূহত অৰ্ধচন্দ্ৰকাৰ ৰূপটো মোগল শৈলীৰ পৰা অনা ইয়াৰ আগতে অসমত স্থাপত্য ৰৈখিক ৰূপৰ দুৱাৰ খিৰিকী আছিল ।দুৱাৰ খিৰিকী পৰ্দাৰ তৰি লোৱা প্ৰথাটো মোগক সকলৰ জীৱন-ধাৰণৰ অভিজাত্য ৰূপ।
অসমীয়া হিন্দু সকলে মুছলমানৰ মৌলবীৰ দুৱাৰ পঢ়া পানী,তাবিজ,মাদুলী আদি লগতে ভূত প্ৰেত পিশাচ খেদোৱা বিনাদ্বিধাই মানি লৈছে।কেৱল এয়াই নহয় অসমীয়া সাহিত্যলৈও মুছলমান সকলৰ অৱদান উল্লেখনীয়,মফিজুদ্দিন আহমদ হাজৰিকা, তৈয়বুল্লা, চৈয়দ আব্দুল মালিক,ইমৰাণ শ্বাহ,তফজ্জুল আলি,মহম্মদ পিয়াৰ প্ৰভৃতি লেখকে অসমীয়া ভাষা-সাহিত্য সমৃদ্ধি শালি কৰি তুলিছে।