অসমীয়া ছবি ‘বীৰ’ৰ ট্ৰিজাৰ-এটা গানৰ ভিজুৱেল মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ছবিজগতলৈ সুদিন ঘুৰি অহাৰ সময়তে দেওবাৰে হোটেল গেটৱেত নাৰায়ন শীল পৰিচালিত নতুন অসমীয়া ছবি ‘বীৰ’ৰ ট্ৰিজাৰ আৰু এটা গীতৰ ভিজুৱেল মুকলি কৰা হয় ৷দীপ্তি ইছলাম প্ৰযোজিত ছবিখনৰ ট্ৰিজাৰ মুকলি অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ ভূঞাই আঁত ধৰে৷ অনুষ্ঠানত মঞ্চত আসন শুৱনি কৰে চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ ,”ত্যাগ” ছবিৰ প্ৰযোজক কিৰো ইয়ং,অভিনেত্ৰী ৰেবা ফুকন ,সংগীত পৰিচালক মানস ৰবীন ,জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰী ,জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা আৰু মণ্টু শইকীয়াই ৷অনুষ্ঠানত মুম্বাইত গায়িকা-অভিনেত্ৰী হিচাপে সুনাম অৰ্জন কৰা অসম কন্যা অনয়া ব্ৰহ্ম ,ছবিখনৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী ,কলা-কুশলী আদি উপস্থিত থাকে৷