অসমবাসীক চৰম অপমান কৰি বহিৰাগত প্রতিষ্ঠানৰ সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ অসমৰ লোকবাদ্য ঢোল-পেঁপা

অসমবাসীক চৰম অপমান কৰি বহিৰাগত প্রতিষ্ঠানৰ সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ অসমৰ লোকবাদ্য ঢোল-পেঁপা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়াৰ আবেগক লৈ ধেমালি বহিৰাগত প্রতিষ্ঠানৰ৷বহিৰাগত প্রতিষ্ঠানৰ সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ অসমৰ লোকবাদ্য ঢোল-পেঁপা।‘অ’চি ব্লু’ নামৰ বিলাতী সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ অসমৰ লোকবাদ্য ঢোল-পেঁপা৷সুৰাৰ বটলৰ লগত ঢোল–পেঁপা সংযোজন কৰি বিজ্ঞাপনটোত লিখিছে যে “আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে,তেতিয়া অ’চি ব্লু লওক৷”অসমীয়াৰ ঐতিহ্য তথা ভাষাক লৈ এনেদৰে সস্তীয়া কাৰবাৰ কৰা বাবে বিজ্ঞাপন প্ৰতিষ্ঠানটোক উচিত শাস্তি বিহিবলৈ সচেতন লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।এনে দুষ্কার্যক কোনোপধ্যে গ্রহণ নকৰে বুলি কৈ শীঘ্রে উক্ত বিষয় সন্দর্ভত অসম চৰকাৰক ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন লোকসকলে দাবী জনাইছে৷বিলাতী সুৰা কোম্পানীটোৰ কর্তৃপক্ষক শীঘ্রে এই বিজ্ঞাপন বন্ধ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈও দাবী উত্থাপন হৈছে৷