অসমত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ

Pc News18 Assam/Northeast

অসমত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ লগতে অসমতো পুনৰ শিপা মেলিছে ক’ভিডে।আকৌ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা।প্ৰতিদিনে বিভিন্ন ঠাইত আক্ৰান্ত হৈছে বহুতো লোক। দেশত ক’ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হোৱাৰ সময়তে অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ।বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্ত হৈছে ৪৩৪জন লোক।ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ৬৫জন, ডিব্ৰুগড়ত ৪১জন আৰু কামৰূপ গ্ৰাম্যত ৪০জন লোক আক্ৰান্ত হয়। আক্ৰান্তৰ হাৰ ১০.৪৪ শতাংশ।ৰিক’ভাৰী ৰেট ৯৮.৬০ শতাংশ।টুইটাৰযোগে এই তথ্য জনাইছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।উল্লেখযোগ্য যে, যোৱা ২৪ ঘণ্টাত, সমগ্ৰ দেশত ১৬,৯০৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে।এই সময়ছোৱাত, ৪৫ জন লোকৰ মৃত্যু হৈছে।সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ১ লাখ ৩২ হাজাৰ অতিক্ৰম কৰিছে।