অসমত পি এফ আইৰ ২৫ জন নেতাক গ্ৰেপ্তাৰ

Pc India Today

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশত পি এফ আইৰ বিৰুদ্ধে অভিযান অব্যাহত আছে৷ দেশৰ অন্য জ্জখন ৰাজ্যৰ লগতে অসমতো নিয়া আৰু অসম আৰক্ষীৰ যৌথ অভিযান চলে৷ ৰাজ্যৰ একে সময়তে চলা অভিযানত কলেজ শিক্ষক, ইমামকে ধৰি ২৫জন পি এফ আই নেতা-সদস্যক গ্ৰেপ্তাৰ কৰা হয়৷ আনহাতে অসম আৰক্ষীয়ে জিলাই জিলাই পি এফ আইৰ বিৰুদ্ধে নতুনকৈ গোচৰ ৰুজু কৰিছে৷ উল্লেখযোগ্য যে দেশজুৰি পি এফ আইৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে আজি পুৱতি নিশা অসমতো নিয়া আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলায়৷ ৰাজ্যৰ জিলাত পি এফ আইৰ বিৰুদ্ধে আৰক্ষীয়ে নতুনকৈ গোচৰ ৰুজু কৰি চলোৱা এই অভিযানত মুঠ ২৫জন নেতা-সদস্যক গ্ৰেপ্তাৰ কৰা হয়৷ গোৱালপাৰা জিলাত সৰ্বাধিক ১০জন পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হয়৷ কামৰূপ জিলাত প্তজন, ধুবুৰী জিলাত ৩জন, বৰপেটা আৰু বাক্‌সা জিলাত ২জনকৈ আৰু কৰিমগঞ্জ, ওদালগুৰি আৰু দৰং জিলাত ৰজনকৈ পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হয়৷ লক্ষণীয় যে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত দৰং জিলাৰ দলগাঁৱত জিলা সভাপতি আনিছ আহমেদো আছে৷ ধৃত আনিছ আহমেদ অসম ইমাম এছ’চিয়েশ্যনৰো সাধাৰণ সম্পাদক হিচাপে দায়িত্বত আছে৷ উল্লেখযোগ্য যে আনিছ আহমেদ ২০১৫-১৬ বৰ্ষৰ পৰাই পি এফ আইৰ জিলাখনৰ সভাপতিৰ দায়িত্বত আছে৷ ইফালে কামৰূপ জিলাৰ ছয়গাঁৱৰ টুক্ৰাপাৰাতো নিশা নিয়া আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলায়৷ এই অভিযানত পি এফ আইৰ হৈ দীৰ্ঘদিন কাম কৰি থকা বকোৰ এখন কলেজৰ এজন শিক্ষক জলিলুদ্দিন আহমেদকো গ্ৰেপ্তাৰ কৰা হয়৷ ধৃত জলিলুদ্দিনে গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ কলেজত শিক্ষকতা কৰি আছে৷ লক্ষণীয় কথাটো হ’ল ধৃত জলিলুদ্দিন মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে৷ চাকৰিৰ সমান্তৰালভাৱে জলিলুদ্দিনে পি এফ আইৰ হৈয়ো কাম কৰি গৈছিল৷ ইফালে পি এফ আইৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পি এফ আই বিৰো¸ধী অভিযান অসমত অধিক তীব্ৰতৰ কৰা হ’ব বুলিও তেওঁ সকীয়নিও দিয়ে৷