অসমত কেন্দ্রীয়ভাৱে ৬০ সংখ্যক শিক্ষক দিৱস পালন; স্বৰ্গীয় অধ্যাপক টাবু ৰাম টাইডলৈ আনন্দৰাম বৰুৱা বঁটা

অসমত কেন্দ্রীয়ভাৱে ৬০ সংখ্যক শিক্ষক দিৱস পালন

স্বৰ্গীয় অধ্যাপক টাবু ৰাম টাইডলৈ আনন্দৰাম বৰুৱা বঁটা

দিছপুৰ, ৫ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্রপতি সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো ৬০ সংখ্যক শিক্ষক দিৱসৰূপে কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে শিক্ষামন্ত্রী ডা০ ৰনোজ পেগুৱে। ভাষণপ্রসংগত ডা০ পেগুৱে প্ৰতিগৰাকী শিক্ষকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা প্ৰদান কৰাৰ লগতে অসম চৰকাৰে শিক্ষাখণ্ডত হাতত লোৱা বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে।

শিক্ষক দিৱসৰ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত শিক্ষাখণ্ডৰ প্ৰত্যাহ্বান আৰু শিক্ষক সমাজৰ দায়িত্বৰ ওপৰত আলোকপাত কৰি উপস্থিত সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা প্রদান কৰে।

আজিৰ অনুষ্ঠানতে স্বর্গীয় অধ্যাপক টাবু ৰাম টাইডলৈ ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্রদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসমে প্রদান কৰা এই বঁটাটো গ্রহণ কৰে স্বৰ্গীয় অধ্যাপক টাবু ৰাম টাইডৰ সহধর্মিনী বাসন্তী টাইডে।

এই বছৰ ৰাজ্যিক পৰ্যায়ত নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ ৩৬ গৰাকী কৃতী শিক্ষকৰ লগতে ৬ গৰাকী শিক্ষকলৈ দীক্ষা বঁটা আৰু ৫ গৰাকী শিক্ষকলৈ ডিজিটেল বেজ বঁটা প্ৰদান কৰা হয়। ইয়াৰোপৰি আজিৰ অনুষ্ঠানতে অলিম্পিক বঁটাপ্রাপক লাভলীনা বৰগোঁহাইৰ নামটো সমগ্র শিক্ষা অভিযানৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হিচাপে ঘোষণা কৰা হয়।

কেন্দ্রীয়ভাৱে আয়োজিত ৬০ সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত অসমৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তৰ লগতে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসমৰ সঞ্চালক অধ্যাপক দিলীপ কুমাৰ কলিতা আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰে।