অনলাইন বাৰ্ত্তাসেৱা – কোভিডৰ দ্বিতীয় সংক্ৰমণ সমগ্ৰ দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীতো দ্রুত গতিত বৃদ্ধি হৈছে। কিন্তু এতিয়াও অধিকাংশ লোক সচেতন নোহোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ ব্যাপক জনসমাগম ঘটা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী কৰ্মচাৰী কোভিড টেষ্ট কৰাক লৈ অমান্তি হোৱা ঘটনাই সৰ্বসাধাৰণ সচেতন ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বৃহত্তৰ ধাৰাপুৰ অঞ্চলত বৰ্তমানলৈ ডেৰশৰো অধিক লোক কোভিডত আক্রান্ত হোৱাৰ লগতে চাৰিজনকৈ লোকৰ মৃত্যু ঘটিছে। যাৰবাবে আজাৰা স্বাস্থ্যকেন্দ্ৰৰ এটি স্বাস্থ্যকৰ্মীৰ দল ধাৰাপুৰ চাৰিআলিত থকা ব্যৱসায়িক প্রতিষ্ঠানসমূহত ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে উপস্থিত হয়। ধাৰাপুৰ চাৰিআলিৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে স্বাস্থ্যকৰ্মীৰ দলটোক সহযোগিতা কৰে যদিও ‘পৰিবাৰ’, ইজি ডে’ নামৰ দুখন ব্যৱসায়িক প্রতিষ্ঠানে স্বাস্থ্যকৰ্মীৰ দলটোক সহযোগ কৰাৰ সলনি ওভতাই পঠাই দিয়ে। ৰাইজৰ অভিযোগ অনুসৰি নীতি-নিয়ম তথা নিৰ্দেশনা উলংঘন কৰি চলাই থকা ব্যৱসায়িক প্রতিষ্ঠান দুখনত দৈনিক শ শ মানুহৰ সমাগম ঘটে ৷ স্বাস্থ্যকৰ্মীৰ দলটোক ওভতাই পঠোৱাৰ কথা প্ৰচাৰ হোৱাৰ পাছতে ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হয় । এই সন্দৰ্ভত তৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক দাবী জনাইছে।
অসমত এতিয়াও একাংশ লোক কোভিডক লৈ নহয় সচেতন
