অসমত আলফাৰ কূটাঘাতৰ পৰিকল্পনা

pc The Janambhumi

অসমত আলফাৰ কূটাঘাতৰ পৰিকল্পনা

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিষিদ্ধ ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা(স্বা))ৰ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে।ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে যে আলফা(স্বা)য়ে অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে তথ্য।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লাভ কৰা তথ্য অনুসৰি আলফা(স্বা)য়ে অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ব্লু প্ৰিন্টচ ৰচনা কৰিছে।যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ আলফাই পুনৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে।বিগত কেইটামান মাহত অসমৰ বহু যুৱক-যুৱতী আলফা(স্বা)ত যোগদান কৰিছে।যাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ।ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্কতা কৰি দিয়াৰ লগতে এন আই এক তদন্তৰ নিৰ্দেশ দিছে।