অষ্ট্ৰিয়া কোভিড টিকাকৰণ বাধ্যতামূলক কৰা প্ৰথম ইউৰোপীয় দেশ হৈ পৰিছে

p.c- Hindustan Times

অষ্ট্ৰিয়া কোভিড টিকাকৰণ বাধ্যতামূলক কৰা প্ৰথম ইউৰোপীয় দেশ হৈ পৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  অষ্ট্ৰিয়াৰ সংসদে ফেব্ৰুৱাৰীৰ পৰা সকলো প্ৰাপ্তবয়স্কৰ বাবে কোভিড-১৯ টিকাকৰণ বাধ্যতামূলক কৰাৰ অনুমোদন জনাইছে, এই ব্যৱস্থাৰ বিৰোধিতা কৰা প্ৰতিবাদ স্বত্বেও অষ্ট্ৰিয়া এনে কৰা প্ৰথম ইউৰোপীয় দেশ হিচাপে পৰিগণিত হৈছে। মাৰ্চৰ মাজভাগৰ পৰা, যিসকলে ভেকছিন ল’বলৈ অস্বীকাৰ কৰে তেওঁলোকে 3 লাখতকৈ অধিক টকা জৰিমনা দিব লাগিব। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ ট্ৰেকাৰৰ মতে অষ্ট্ৰিয়াৰ জনসংখ্যাৰ ৭৫% ৰো অধিক লোকক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে।