অষ্টম বাৰৰ বাবে খিতাপ জয়েৰে নতুন অভিলেখ স্থাপন ভাৰতৰ

pc The Logical Indian

অষ্টম বাৰৰ বাবে খিতাপ জয়েৰে নতুন অভিলেখ স্থাপন ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ এছিয়ান দেশৰ মাজত আয়োজিত প্রতিযোগিতাখনৰ ফাইনেলত নেপালৰ বিৰুদ্ধে ভাৰতে বিজয় সাব্যস্ত কৰে। ফাইনেলত নেপালৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিলেও ভাৰতে প্ৰথমার্ধত এটাও গ’ল কৰিব পৰা নাছিল। কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰা আক্রমণাত্মক খেল প্ৰদৰ্শন কৰি সুনীল ছেত্রী বাহিনীয়ে নেপালক বিধ্বস্ত কৰে।৩৭ বছৰীয়া তাৰকাগৰাকীয়ে এই গ’লটোৰে আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিক স্পৰ্শ কৰিবলৈ সক্ষম হয়। ৮০টা আন্তঃৰাষ্ট্ৰীয় গ’লেৰে সম্প্ৰতি সুনীল ছেত্রী আৰু লিঅ’নেল মেছি হ’ল সক্ৰিয় ফুটবলাৰ হিচাপে বিশ্বৰ দ্বিতীয় সর্বাধিক গ’লদাতা। ইয়াৰ পূৰ্বে ভাৰতৰ অধিনায়কগৰাকীয়ে ব্রাজিলৰ কিংবদক্তি পেলেৰে ৭৭টা আন্তঃৰাষ্ট্ৰীয় গ’লৰ অভিলেখ ভংগ কৰিছিল। ভাৰতৰ হৈ আন দুটা গ’ল কৰে সুৰেশ সিং আৰু ছাহাল আব্দুল ছামাদে। অধিনায়ক ছেত্ৰীয়ে ৪৯ মিনিটত নেপালৰ বিৰুদ্ধে ভাৰতে প্ৰথমটো গʼল কৰে। ভাৰতৰ হৈ আন দুটা গ’ল কৰে সুৰেশ সিং আৰু ছাহাল আব্দুল ছামাদে।প্রতিযোগিতাখনৰ আৰম্ভণি বৰ্ষৰে পৰা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ভাৰতে অষ্টম বাৰৰ বাবে খিতাপ জয়েৰে নতুন অভিলেখ স্থাপন কৰিছে।