অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱৰ স্মৰণিকা উন্মোচন সাংবাদিক বিমল শৰ্মাৰ 

অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱৰ স্মৰণিকা উন্মোচন সাংবাদিক বিমল শৰ্মাৰ 

‘বিশুদ্ধ অক্সিজেনৰ উৎপত্তিস্থল হিচাপে আৰ্দ্ৰভূমি দৰাবিলৰ সংৰক্ষণ নিতান্তই জৰুৰী” 

শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- ” কেইবাশ বিঘা মাটিৰে আৱৰি থকা প্ৰসিদ্ধ জলাশয় তথা আৰ্দ্ৰভূমি দৰাবিলৰ সংৰক্ষণ মানব সভ্যতাৰ ভৱিষ্যতৰ বাবে নিতান্তই জৰুৰী। কিয়নো মানুহৰ জীৱন-ধাৰণৰ অত্যন্ত দৰকাৰী বিশুদ্ধ অক্সিজেন প্ৰধানতঃ আৰ্দ্ৰভূমি সমূহতেই উৎপত্তি হয়” অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱৰ যোৱা দ্বিতীয় দিনাৰ অন্যতম কাৰ্যসূচী স্মৰণিকা “দৰাবিল” উন্মোচন কৰি সাংবাদিক বিমল শৰ্মাই এই মন্তব্য কৰে। ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক পংকজ লোচন দাসে সম্পাদনা কৰা স্মৰণিকা “দৰাবিল” উন্মোচন কৰি সাংবাদিক শৰ্মাই দেশী-বিদেশী অনেক পক্ষীৰ বিচৰণভূমি তথা অনেক জৈৱ-বৈচিত্ৰৰ আবাসভূমি দৰাবিলক উপযুক্ত পৰ্যবেক্ষণৰ জৰিয়তে সংৰক্ষণৰ স্থায়ী ব্যৱস্থা কৰিবলৈ চৰকাৰ আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে। দৰাবিল মহোৎসৱ উদযাপন সমিতিৰ জন্মলগ্নৰেপৰা জড়িত আগশাৰীৰ কৰ্মকৰ্তা উমেশ কলিতাই আঁতধৰা উন্মোচনী সভাখনত স্মৰণিকাৰ সম্পাদক তথা অধ্যাপক পংকজ লোচন দাসে মানৱ জীৱনৰ লগত প্ৰকৃতিৰ যি এৰাবনোৱাৰা সম্পৰ্ক সেই সম্পৰ্কে চমুকৈ কয়। সম্পাদক দাসে দৰাবিল সংলগ্ন কলহী নদীত উপলব্ধ আপুৰুগীয়া নদী শিহুৰ ভৱিষ্যতৰ স্বাৰ্থতো যে দৰাবিলৰ সংৰক্ষণ জৰুৰী সেই বিষয়ে সকলো শ্ৰেণীৰ মানুহেই ভালদৰে বুজা উচিত বুলি মন্তব্য কৰে। দৰাবিল মহোৎসৱৰ পক্ষী নিৰীক্ষণ কেন্দ্ৰস্থলত হোৱা উন্মোচনী-পৰ্বত মহোৎসৱ উদযাপন সমিতিৰ সভাপতি গিৰীন্দ্ৰ কলিতা, সম্পাদক শৈলেন কৈৱৰ্ত, থানেশ্বৰ মেধি, প্ৰাক্তন সম্পাদক দীপক দাস, হিতেশ মেধিকে ধৰি বহুসংখ্যক লোক তথা বিষয়ববীয়া উপস্থিত আছিল।