অশ্ৰুনদীৰ ধাৰ
মাৰ্জিনা বেগম, বৰপেটা
টিভিৰ পৰ্দাত মানুহজনে কৈ থকা বাতৰিটো কোনো বাতৰি নাছিল, সেয়া আছিল কোনো এক প্ৰকাণ্ড হাতুৰী হে । যাৰ প্ৰতিটো শব্দৰ কোবেই ভাভি- চিঙি চুৰ মাৰ কৰি পেলাইছিল আদহীয়া মানুহজনীৰ কলিজা। জীৱনত বৰপুত্ৰ আৰু স্বামীক হেৰুৱাৰ যি ধুমুহা সেই ধুমুহাতো ভাগি নপৰা মানুহজনী আজি বৰকৈ ভাগি পৰিছে।
কিয়? নিয়তিয়ে কেৱল তেওঁৰ সৈতেই কিয় এনেকুৱা কৰে। ভাঙি পেলোৱাৰ কিয় ইমান আয়োজন! জীৱনৰ প্ৰতিটো মুহূৰ্ততেই যুঁজ দি আহিছে জীৱন আৰু জীৱিকাৰ সৈতে। তথাপি কিয় এনেকুৱা হয় ? আজি সেই যুঁজৰ সীমা পাৰ হৈ যেন আকাশ চুইছে ।
মেট্ৰিকৰ দেওনা পাৰ কৰিছিল হে এদিন আহিছিল এজাক অভিশপ্ত ধুমুহা সেই ধুমুহাই কঢ়ি লৈ গৈছিল জীৱনৰ পৰা বৰপুত্ৰৰ ছাঁ । সৰুটো পুত্ৰ ভালকৈ বুজিব পৰা হোৱাৰ আগতেই আকৌ আহিছিল অভিশপ্ত সেই দিন, চিনাকি ধুমুহা । এখন পথ দূৰ্ঘটনাত হেৰুৱাইছিল বিশ্বাসৰ এখন হাত, প্ৰাণৰ স্বামীক। মূৰৰ ওপৰত ভাঙি পৰিছিল এখন আকাশ।
সময়ৰ সোঁতত বৈ থাকে জীৱন, জীৱন জীয়াৰ শত সংগ্ৰাম। তাত কোন দুখী কোন সুখী সময়ে তাক কেতিয়াও ঘূৰি নাচায় ।গতিশীল সময়ৰ সোঁতত সৰু পুতেক অয়নৰ হাত ধৰি ঘাত-প্ৰতিঘাতৰ হেজাৰ বাধা নেওচি আগুৱাই আহিছিল মনোমতী। কোনোমতে খৰচ উলিয়াই এদিন মেট্ৰিকত প্ৰথম হোৱা ল’ৰাটোক কলেজত ভৰ্তি কৰাই দিছিল। তাৰ পিছত ল’ৰাটোৱে নিজেই ঘৰে ঘৰে টিউচন কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল।
“আই আৰু নপঢ়োঁ দেই বহুত টকা লাগিব আৰু পঢ়িলে ঘৰখন নচলিব।” তেওঁ কৈছিল –
“বাবা অয়ন! দেউতাৰৰ বৰ আশা আছিল উচ্চ শিক্ষাৰে শিক্ষিত হৈ তহঁতে ভাল চাকৰি কৰিবি । কিন্তু সেয়া নহ’ল । এতিয়া তই যদি পঢ়া আধাতে এৰি দিয় তেতিয়া দেউতাৰে বৰ দুখ পাব।” -পৰিস্থিতিৰ কাৰণে আগতেই পঢ়া এৰি দিব খোজা ল’ৰাটোক বাপেকৰ ইচ্ছাটোৰ বাবেই কষ্ট কৰি হ’লেও স্নাতক পঢ়োৱালে। বাপেকৰ আশা এটা আছিল ল’ৰা দুটা চাকৰি কৰিব তেওঁ অৱসৰ লৈ ঘৰতে লাগিব। কিন্তু সেই আশা আৰু পূৰ্ণ নহ’ল। কালৰ কোব লাগিল।
স্নাতক শেষ আজি দুটা বছৰ ধৰি অয়নে চাকৰি বিচাৰি ফুৰিছে। সৰু চাকৰি এটা হ’লেও চলিব। তাৰ বাবে ৰ’দে-বৰষুণে , ভোকে -পিয়াহে কত যে ঘূৰি ফুৰা নাই ল’ৰাটো। তথাপি হাৰ মনা নাছিল সি। ক’ৰবাত কিজানি সৰুকৈ হ’লেও চাকৰি এটা পাই যায়।
“আই, চাকৰিৰ খবৰ এটা পাইছোঁ, পিছে তাত দুদিন মান আগতে গৈ থাকিব লাগিব।” প্ৰায় এসপ্তাহ আগতে এদিন সি মাকক জনাইছিল। তেওঁ ক’ত,কেনেকুৱা চাকৰি বুলি সুধিছিল। সি কেৱল কৈছিল –
” আই, তাতে গ’লে হে ভালকৈ জানিম, তুমি চিন্তা নকৰিবা। মই সোনকালেই আহি জনাম সকলো।”
পিছদিনা ৰাতিপুৱাই মাকক দীঘলীয়া সেৱা কৰি সি ওলাই গৈছিল। তেওঁ হিয়া উজাৰি আশীৰ্বাদ দিছিল, “প্ৰভু ল’ৰাটোক চকু মেলি চাবা।” পথটোৰে গৈ নেদেখা হোৱালৈ চাই ৰৈছিল। কিন্তু তেওঁ ভুলতো ভবা নাছিল সময়ে খেলি থকা খেলখনৰ কথা।
দুদিনৰ কথা কৈ যোৱা অয়নে এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো ঘৰলৈ উভতি অহা নাছিল। চিন্তাত খাব,শুব পৰা নাছিল মানুহজনী। চিনাকি মানুহক কৈ খবৰো কৰাইছিল। কোনেও একো ক’ব পৰা নাছিল। তথাপি তেওঁ আশা এটি লৈ প্ৰাৰ্থনা কৰিছিল ল’ৰাটো য’তেই আছে ভালে থাকক।
” এসপ্তাহ আগতে চাকৰি বিচাৰি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ…….” বাতৰিটো এতিয়াও চলি আছে।
নাই, আৰু শুনিব পৰা নাই । টিভি টো বন্ধ কৰি তেওঁ তাতেই পৰি ৰ’ল। সময়ে যেন হৃদয়খন শ্মশান কৰি লৈছে আৰু তাতে জ্বলাই দিছে এখন এখন জীৱন্ত চিতা । জাহ গৈছে কেঁচা কলিজা। এতিয়া কাক লৈ জীয়াই থাকিব তেওঁ, কেনেকৈ…! বুকু ফলা আৰ্তনাদ কৰি দুচকুৰে বৈ আহিছে অশ্ৰুনদীৰ ধাৰ। চৌদিশে কেৱল শূণ্যতা।