অশ্রুফুল
কৃষ্ণচূড়া আৰু সোণাৰুৰ ফুলবোৰ
তোমালৈকে থৈছিলো
‘ৰঙা আৰু হালধীয়া
সিঁচি দিম ভৰ দুপৰীয়া’
ভাবিছিলো ।
জানানে, সাগৰৰ পাৰত বহি তোমাক
দিম বুলি ঢৌবোৰো গোটাইছিলো।
বিধৌত সাগৰীয় জোনাক
এমোকোৰা হাঁহি হৈ ডাকোৱালক দিছিলো
তোমাৰ নামত,
গুলপীয়া সুগন্ধি খামত।
‘হেঁপাহ’ মোৰ আলসুৱা কোলাৰ কেঁচুৱা
বগুৱাবাইছিল আগলৈ, নদী হৈ ববলৈ,
এপদ দুপদ পৰম সম্পদ
পাইছিলো চহকী হ’বলৈ।
দিন গৈ ৰাতি হ’ল পোহৰবোৰ
গুচি গ’ল ––ওপৰলৈ
আকাশ পোহৰাবলৈ।
নৈখনো ৰৈ গ’ল – খহি পৰা তৰা চাবলৈ !
আলফুল সময়বোৰ এখন নীলা চাদৰ হ’ল,
নীলা, — সাপৰ বিষৰ দৰে নীলা,
নদী খন চুই চাদৰখনে মৌনতাৰে
মুৰ জোকাৰিলে,
নিঃশব্দে —আহিথকা বতাহৰ উমান দিলে!
সময় নিথৰ হ’ল, নীৰৱতা সাক্ষী হ’ল
বতাহত চাদৰখন নীলা হৈ উৰি গ’ল ।
অসহায় চকুৰে নেদেখা হোৱালৈ চালো
সতেজ সময়ক ‘স্মৃতিৰ ঠিকনা’ ৰূপে পালো।
দুখৰ চেকুৰা অবোধ চকুলোত অবুজ
ৰঙেৰে বুলালো
কঁপা কঁপা হাত তথাপিও মই
সময়ৰ ছবি আঁকিলো ।
মনৰ মাজত বুকুৰ ভাঁজত
শেষ উশাহলৈ সাঁচিলো।
জয়ন্ত শর্মা
৮৬৩৮৭৮২৬৪১