অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েশ্বনৰ স্বাক্ষৰ অভিযান কাৰ্যসূচী

অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েশ্বনৰ স্বাক্ষৰ অভিযান কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুতৰ অভাৱনীয় মাচুলবৃদ্ধি ৰোধ কৰা, বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণৰ হাতিয়াৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰা,কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থবাহী বিদ্যুৎ সংশোধনী বিল-২০২২ বাতিল কৰাৰ দাবীত পাঁচ লাখ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰাৰ লক্ষ্য লৈ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ উদ্যোগত আজি পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যব্যাপী স্বাক্ষৰ সংগ্ৰহ অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে কামৰূপ(মেট্ৰো) সহ ৰাজ্যৰ ধুবুৰী, গোৱালপাৰা, নলবাৰী, দৰং, শোণিতপুৰ, লখিমপুৰ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ সদৰত স্বাক্ষৰ সংগ্ৰহ অভিযানৰ উদ্বোধন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ উলুবাৰীৰ চিটি বাছ আস্থানত আয়োজিত এক সভাত উপস্থিত থাকি বিশিষ্ট শিক্ষক জ্যোতিষ চহৰীয়া,অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুছ ছবুৰ, বিদ্যুৎ শ্ৰমিক আন্দোলনৰ নেতা দীপক কুমাৰ সাহা, সমাজকৰ্মী অজিত আচাৰ্য্যই স্মাৰকপত্ৰত স্বাক্ষৰ কৰি এই অভিযানৰ উদ্বোধন কৰে। আৰম্ভণিতে এই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য ৰাখে সংগঠনৰ ৰাজ্যিক আহ্বায়ক অজয় আচাৰ্য্যই।পিছত বহু সংখ্যক পথচাৰীয়ে স্বত:স্ফূৰ্তভাৱে স্মাৰকপত্ৰত স্বাক্ষৰ প্ৰদান কৰি এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায়। উল্লেখ্য যে এই একেখন সভাতেই অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছোচিয়েছনৰ আদৰ্শগত হাতিয়াৰ স্বৰূপ সংস্থাৰ মুখপত্ৰ “বিদ্যুৎ গ্ৰাহক বাৰ্তা”ৰ প্ৰথমটো সংখ্যা উন্মোচন কৰে অধ্যাপক আব্দুছ ছবুৰে।উন্মোচনী বক্তব্যত তেওঁ কয়,সংগঠনৰ এই মুখপত্ৰখনে বিদ্যুৎ আন্দোলনক শক্তিশালী কৰাৰ আৰু নতুন দিহা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।স্বাক্ষৰ সংগ্ৰহ অভিযানৰ উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছোচিয়েছনৰ গুৱাহাটী জিলা শাখাৰ সদস্য প্ৰমোদ ভাগৱতীয়ে৷