অলিম্পিকত হেভী ৱেইট বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ভাৰতৰ সতীশ কুমাৰ
অনলাইন বাৰ্ত্তাসেৱা– অলিম্পিকৰ বক্সিঙৰ হেভী ৱেইট শাখাত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত ভাৰতৰ সতীশ কুমাৰ উজবেকিস্তান বাখডিৰ জাললʼভৰ বিৰুদ্ধে পৰাস্ত হৈ অলিম্পিকৰ পৰা বাহিৰ হয়। ০-৫ ব্যৱধানত পৰাস্ত হৈ ভাৰতীয় খেলুৱৈ গৰাকী। সতীশৰ জৰিয়তে হেভী ৱেইট শাখাত প্ৰথম বাৰৰ বাবে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিছিল ভাৰতে।কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হʼলেও অদ্যম সাহসৰ বাবে দেশবাসীৰ হৃদয় জিনিলে সতীশ কুমাৰে।
(R.T)