অযোধ্যাৰ ৰাম মন্দিৰ ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ভক্তসকলৰ বাবে মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰই বৃহস্পতিবাৰে টুইট কৰি জনাই যে ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ভক্তসকলৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰ মুকলি কৰা হ’ব। “ভক্তসকলে ২০২৩ চনৰ ডিচেম্বৰৰ পৰা গৰ্ভা গ্ৰুহাত ভগৱানৰ দৰ্শন কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ ভেটিৰ কাম শেষ হৈছে, আনহাতে দ্বিতীয় পৰ্যায়টো নৱেম্বৰৰ মাজভাগলৈ শেষ হ’ব,” বুলিও ইয়াত যোগ দিয়া হৈছে।