অভিমানী মন-মৃদুলা বৰুৱা

Pc Shutterstock
অভিমানী মন
মৃদুলা বৰুৱা (তেজপুৰ)
নালাগে দিয়া বুজিব তুমি
মোৰ হৃদয়ৰ ভাষা,
তেনেকৈয়ে পৰি থাকক
মোৰ মৰম বোৰ
ডায়েৰীৰ পৃষ্ঠাত।
মোৰ উকা কলিজাত তুমি
ফাগুনৰ ৰং সানিব নালাগে দিয়া,
নালাগে মোৰ ঘৰ্মাক্ত দেহৰ গোন্ধ ল’ব,
যিয়ে তোমাৰ উশাহজাকক
বিপন্ন কৰি তোলে ।
নালাগে দিয়া এতিয়া
মোৰ চনপৰা বুকুখনি
তোমাৰ মৰমেৰে জীপাল কৰিব ।
নালাগে আৰু কেতিয়াও মোৰ বাবে
নিৰ্জন ৰাতি টোপনি হেৰুৱায়
ব্যৰ্থতাত উচুপি উঠিব,
বুজিছা…এতিয়া আৰু নালাগে দিয়া
মোৰ নামৰ মিথ্যা  সপোনৰ
প্ৰতিশ্ৰুতি বান্ধিব
কাৰণ তুমি এতিয়া
উন্মুক্ত পক্ষী
অনন্ত কাললৈ তুমি উৰিব পাৰা
বাধাহীন ভাবে ।