অভিমানী ফাগুন
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
নক’বা মোক লঠঙা ফাগুন,
মোৰ বুকুতেই ফুলে দেখোন
পলাশ, মদাৰ, শিমলু ;
ধৰাৰ বুকুলৈ ঋতুৰাজ বসন্তক
মই হে আদৰি আনো ।
উন্মনা কৰোঁ মই চিত,
তেতিয়া হে গাব যৌৱনৰ গীত।
নিলাজী, ফাগুনী
যিয়েই নিদিয়া নাম,
প্ৰকৃতিৰ বুকুত নতুনৰ পৰশ
দিয়াটোৱেই মোৰ কাম ।
উদং পথাৰত
গৰখীয়াই বজায় নৰাৰ পেঁপা,
সুমধুৰ বাঁহী,
পাহাৰে ভৈয়ামে ঠেকা খাই আহে
বতাহৰ সুহুৰি।
শীতৰ ৰুক্ষতাত বিৰিখে বিচাৰে
চেনেহৰ এটুপি পানী,
ন-সাজ পিন্ধি মুখত ওলমাবলৈ
সেউজীয়া হাঁহি।
হাল-কোৰ যতনাই লয়
হালোৱা – হজুৱাই,
বান্ধি লয় ককালত টঙালি;
উদং পথাৰখন চহাই লৈ
সোণগুটিবোৰ দিবলৈ সিঁচি ।
পুৰণিক বিদায় দি
নতুনক আদৰাৰ পুৰাতন নীতি ,
সেয়েহে শুকান পাতৰ
দলিচা পাৰি দিওঁ
বসন্তক আনিবলৈ আদৰি।