অবলা আজিও অসহায় – দিপ্তী মনি গোস্বামী

PC - Shutterstock

অবলা আজিও অসহায়

দিপ্তী মনি গোস্বামী, লখিমপুৰ

সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি নাৰী, যি জগতৰ উৎপাদিকা শক্তি। প্ৰেম আৰু প্ৰেৰণাৰ প্ৰতীক নাৰী। কিন্তু ভাৰতীয় পৰম্পৰাৰ দেৱী স্বৰূপা নাৰী আজিও চুকে-কোণে অৱহেলিত,নিপিড়িত, নিষ্পেক্ষিত , ধৰ্ষিত! “প্ৰাচীন কালৰে পৰা ভাৰতৰ নাৰীক সন্মান প্ৰদৰ্শন কৰা হৈছিল।দেৱীৰ পৰা বীৰাংগনা সকলোলৈকে পূজ্যৰূপে গণ‌্য কৰা হৈছিল।দেশৰ ৰাষ্ট্ৰপতি প্ৰধান মন্ত্ৰী পদত মহিলা বহিছে। কিন্তু যিমানেই দিন গৈছে সিমানেই আজি সমাজত নাৰীজনিত হিংসা-নিৰ্যাতনো ক্ৰমাত বাঢ়িছে।আজি নাৰীক আক্ৰমণৰ সহজ লক্ষ্য কৰি লোৱাৰ কাৰণ একাংশ পূৰুষৰ দমনমূলক মানসিকতা আৰু ক্ৰমবৰ্ধমান যৌন বিকৃতি।” অসমীয়াত এষাৰ কথা আছে”লাউ যিমান ডাঙৰ হ’লেও পাতৰ তল” অথাৎ পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী সদায়ে পুৰুষৰ অধীন! লাগিলে নাৰী গৰাকীয়ে পুৰুষৰ সমানেই সকলো দিশতে আগবাঢ়ি যাওঁক অথবা নাৰী গৰাকীৰ উপাৰ্জনৰ টকাৰেই নিষ্কৰ্মা স্বামীয়ে সংসাৰ চলাওঁক (কিছু সংখ্যক) তেওঁ লোকে নাৰীক সম মৰ্যদা দি নিজৰ পুৰুষোত্ত্ব ক্ষুণ্ণ কৰিব নিবিচাৰি দমনমূলক নীতিৰ আশ্ৰয়েৰে নাৰী গৰাকীক শোষণ কৰি তলত ৰখাৰ প্ৰয়াস কৰিব বিচাৰে। ফলত আজিৰ আধুনিকতাৰ পৰশৰ মাজতো একাংশ নাৰী শোষণ, নিষ্পেষণ, হিংসাৰ বলী হৈ আহিছে।আনহাতে আজিৰ সমাজৰ কিছুমান জ্ঞানী মূৰ্খ লোক বা মূখা পিন্ধা ভদ্ৰলোক বাৰুকৈয়ে নিচাসক্ত হৈ পৰিছে, যাৰ ফলত তেওঁ লোকে হিতাহিত জ্ঞান হেৰুৱাই নিজকে পাহৰি যায় আৰু ইন্টাৰনেটৰ বিভিন্ন মাধ্যমৰ যোগেদি উপভোগ কৰা অশীল্ল ছবি বা কিছু বিশেষ দৃশ্যাংশ মানস পটলৈ আহি অগা-দেৱা কৰে আৰু তেতিয়াই সেই বিকৃত মানসিকতাৰে লোকজনে সুবিধা পালে নকৰিব লগীয়া কাৰ্য্য কিছুমান কৰি পেলাই, তাৰ ভুক্ত ভোগী আজি ৰাজ্য দেশৰ চুকে কোনে অনেক নাৰী (মাতৃ, ভগ্নীৰ পৰা ধৰি নাৱালিকা)। সেই সকলৰ অধঃপতিত মানসিকতাই ভাবিব নোৱাৰে পৃথিৱীৰ সকলো নাৰী নিজৰ মাতৃ-ভগ্নী বুলি! মাথোঁ ভাবে নাৰী কোমলাংগী ভোগৰ পণ্য! সেয়ে দিনক দিনে সমাজত বাঢ়ি গৈ আছে নাৰী জনিত অপৰাধ।