অপেক্ষা – সবিতা বেগম

অপেক্ষা
সবিতা বেগম,পাকাবেত বাৰী পাম
নিৰ্জনতাৰ
অসহায় নিশ্চুপ
মুখলৈ চোৱাৰ হাবিয়াস
মোৰ নাই।
কিন্তু মই যে এতিয়া
বাৰুকৈ নিৰুপায়
কুঁৱলীছন্ন ধৰাত
এটি পথ বিচাৰি।
প্ৰতিদিন বিৱৰ্তন
প্ৰতিটো আলেখ্যন
লুডুৰ সাপ খেলৰ দৰে
ওপৰত পৰা তললৈ।
তথাপি
এমুঠি সপোনৰ
টোপোলা বান্ধি
আহ্বান প্ৰয়াস
সযত্নে ভৰি দুখন
নমাবলৈ।