অপূর্ণ হেঁপাহ – ড০ ইফতিকাৰ আলী আহমেদ

অপূর্ণ হেঁপাহ

 ইফতিকাৰ আলী আহমেদ

এটা ভাল দিনৰ আশাত
উজাগৰে কটালোঁ ক’তনো নিশা
ৰিক্ত হৃদয়ৰ ঢৌ তুমি
বিন্দু মাত্র আশা
তুমি হ’বা মোৰ প্ৰেয়সী
সপোনৰ সুৰভি
নহয় যে মই কবি
কাব্যিক অনুভূতিৰে
কি দৰে গাঁথো শব্দৰ মালাধাৰী
মন যায়…
সুৰুজৰ ৰং ছটিয়াই
জগতখন দিওঁ উজলাই
জাত-পাত আৰু সময়-বয়সৰ
সীমা উফৰাই
ভাব হ’য়
তুমি যেন তৰা আকাশৰ,
শুভ্ৰ তুষাৰ হিমালয়ৰ চুড়াৰ
তুমি মণিক গভীৰ সাগৰ তলিৰ,
তুমি প্ৰচ্ছায়া মোৰ জীৱন শৈলীৰ
মায়া জাল হৈ
আছা দূৰে দূৰে ৰৈ
কি যে অপূর্ব মিলন
হেঁপাহ যে নপলায়
নভৰে যে মোৰ তৃষ্ণাতুৰ নয়ন  ।