‘অপাৰেচন সিন্দুৰ’ৰ সাফল্য গাথা বিশ্ববাসীক জনালে দুই মহিলা সামৰিক বিষয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামৰ ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তান আৰু পিঅ’কেৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই কৰা মিছাইল আক্ৰমণৰ বিষয়ে বিশ্ববাসীক অৱগত কৰে দুই মহিলা সামৰিক বিষয়াই। দুই মহিলা সামৰিক বিষয়া কর্নেল ছোফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সংবাদ মেলযোগে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা স্থানত ২১ সন্ত্রাসবাদীৰ ঘাটি আৰু প্ৰশিক্ষণ শিবিৰত ভাৰতীয় সেনাৰ বিমান আক্রমণ সন্দর্ভত বিশ্ববাসীক বিতং ব্যাখ্যা আগবঢ়ায়। পেহেলগামৰ হত্যালীলাৰ প্ৰতিশোধ কল্পেই অভিযান চলোৱা বুলি উল্লেখ কৰে কর্নেল কুৰেশ্বিয়ে। দুই মহিলা সামৰিক বিষয়াই সংবাদ মেল সম্বোধন কৰি অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰোৱাটো এক প্রতীকী হিচাপে ধার্য কৰা হৈছে। পেহেলগামত সন্ত্রাসবাদীৰ হাতত স্বামীক হেৰুৱাই বিধৱা হোৱাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ যুঁজ, ঐক্য আৰু সাম্প্রদায়িক সংহতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি অপাৰেচন সিন্দুৰৰ বিষয়ে তথ্য আগবঢ়াবলৈ দুই মহিলা কর্নেল কুৰেছি আৰু উইং কমাণ্ডাৰ সিঙক আগবঢ়াই দিয়ে। সংবাদ মেলত কর্নেল কুৰেশ্বি আৰু উইং কমাণ্ডাৰ সিঙৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়েও অংশগ্রহণ কৰে। হিন্দু বিবাহিত মহিলাৰ প্ৰতীক সিন্দুৰৰ নামেৰেই পেহেলগামৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে চলোৱা অভিযান অপাৰেচন সিন্দুৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সেই আক্ৰমণৰ ঘাটিসমূহ প্ৰদৰ্শন কৰে। ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ তথ্য প্ৰচাৰ কৰি কর্নেল কুৰেশ্বিয়ে কয়- বিগত তিনি দশক ধৰি পাকিস্তানে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি তৈয়াৰ কৰি আহিছে। প্রশিক্ষণ শিবিৰ, নিযুক্তি কেন্দ্র, লঞ্চ পেড আদি পাকিস্তান আৰু পাক অধিকৃত পিঅ’কেত স্থাপন কৰিছে। ভাৰতীয় সেনাৰ অভিযানৰ লক্ষ্য হৈছে সন্ত্রাসবাদীৰ এই আন্তঃগাঁথনিসমূহ সমূলঞ্চে বিধ্বস্ত কৰা আৰু পৰৱৰ্তী সময়ত যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা। সংবাদ মেলত কর্নেল কুৰেশ্বিয়ে ৬-৭ মে’’ৰ মাজনিশা ১.০৫ বজাৰ পৰা ১.৩০ বজালৈ ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাই পাকিস্তান আৰু পিঅ’কেত অপাৰেচন সিন্দুৰৰ সফল অভিযান চলায় বুলি কয়। তদুপৰি কর্নেল কুৰেশ্বিৰ লগতে উইং কমাণ্ডাৰ সিঙেও পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান সম্পর্কে তথ্য আগবঢ়ায়। বৈদেশিক সচিব মিশ্রিয়ে কয় যে জানি-শুনিয়েই পাকিস্তানে সন্ত্রাসবাদ লুকাই ৰাখে। পেহেলগামৰ আক্ৰমণত পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জড়িত থকাটো তদন্তত নিশ্চিত হৈছে। সেয়েহে ভাৰতে সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলাইছে। সন্ত্রাসবাদীক সমূলঞ্চে নির্মূল কৰিবলৈ এই আক্রমণ চলোৱা হৈছে। উল্লেখ্য যে কর্নেল ছোফিয়া কুৰেশ্বি হৈছে বহু ৰাষ্ট্ৰীয় সামৰিক অনুশীলনত সেনাৰ দলক নেতৃত্ব প্ৰদান কৰা প্ৰথমগৰাকী মহিলা বিষয়া।