অনুশোচনা(গল্প) – অঞ্জু শাণ্ডিল্য

pc Well+Good

অনুশোচনা(গল্প)

– অঞ্জু শাণ্ডিল্য

: হেল্ল, ইলোৰা কাশ্যপ?
: হয়।
: নমস্কাৰ, মই ইকবল আলীয়ে কৈছোঁ।
: মোক চিনি নাপাব; মই কিন্তু আপোনাৰ লেখা পঢ়ি পঢ়িয়েই আপোনাক চিনি পাঁও।
: হয় নেকি! ধন্যবাদ।
: আৰু আজি ওলোৱা লেখাটো পঢ়ি খুব ভাল লাগিল।
: ধন্যবাদ।
: আৰু এটা কথা, এবাৰ আপোনাৰ বিষয়ে লেখা এটাত পাইছিলোঁ, আপোনাৰ জন্মৰ বছৰটোৰ কথা। মোৰো সেই বছৰতে জন্ম।
: তেনেহʼলে তুমি মোক ইলোৰা আৰু তুমি বুলি মাতিবা।
: অʼ মাতিম।
: তুমি কʼৰ পৰা কৈছা? মানে তোমাৰ ঘৰ…..
: ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ পৰা, মোৰ ঘৰ ইয়াতেই। তোমাৰ?
: তিতাবৰ।
: তোমাৰ ঘৰত কোন কোন আছে?
: মই, মোৰ গৃহস্থ, আমাৰ লʼৰা-ছোৱালী দুটা, শহুৰ-শাহু, দেওৰ-জা, ভতিজা এটা।
: অʼ….
: তোমাৰ মʼবাইল নাম্বাৰটো…
: নাই, মোৰ মʼবাইল ফʼন নাই।
: অʼ আজিলৈ এৰিছোঁ।
: অʼ।
ফোনটো থৈ ইলোৰাই বিছনাখনত আউজি বহিল। ইকবালৰ মাতটোৱে তাইৰ মনত দোলা দি গʼল। তাইৰ বয়সৰে লʼৰা। কি কৰে, তাইৰ লেখা পঢ়ি কিয় ভাল পায়, পঢ়া শুনা কিমান, ঘৰত কোন কোন আছে, বিয়া-বাৰু কৰালেনে লাই, দেখিবলৈ কেনেকুৱা এইবোৰ কথা তাই একোৱেই নেজানে। মাত্ৰ ফোনত ভাহি অহা পুৰুষসুলভ কণ্ঠস্বৰটোহে তাইৰ চিনাকী হৈ পৰিল। ইকবালে কিন্তু তাইৰ বিষয়ে সকলো জানে। ইতিমধ্যেদৈনিক কাকত এখনত সাক্ষাৎকাৰ ভিত্তিক লেখা এটাত তাইৰ জীৱন-পঞ্জী আলোকচিত্ৰৰ সৈতে প্ৰকাশ পাইছিল। আৰু নজনা কথাবোৰ আজি ফোনযোগে জানি লʼলে। বাৰে বাৰে ইকবালৰ কণ্ঠস্বৰ তাইৰ মনলৈ আহি থাকিল। তাই আনমনা হৈ বহিয়েই থাকিল। হঠাৎ মনত পৰিল-
“অʼ আজি বুধবাৰ, ৰীমাহঁত দুপৰীয়া ভাতখোৱাকৈ আহিব নহয়”- তাই লৰালৰিকৈ পাকঘৰলৈ খোঁজ ললে। শাহুয়েক আৰু জাক নন্দিতাই ৰন্ধা-বঢ়াৰ আয়োজনত লাগি আছে। তায়ো আহি ইটো-সিটো কৰি সহায় কৰি দিলে। ৰন্ধা-বঢ়াৰ মাজে মাজে ইকবালৰ মাতটো কাণত বাজি থাকিল। শাহুৱেকে তাইৰ উজ্বল মুখখনলৈ চাই কʼলে-
: কি হʼল ইলু, আজি ভনীয়েৰা আহিব বুলি ফূৰ্তিত ততেই নাই দেখোন? মুখখনত একেবাৰে ফৰকাল ফৰকাল ভাব লাগি আছে!
: হো.., নাই নাই.. মাʼ…মানে এনেয়ে…
খপখপকৈ কিনো কʼব তাই একো বিচাৰিয়েই নেপালে। ইকবালৰ মাত কথাই যে তাইক মোহাচ্ছন্ন কৰি পেলাইছে। মাছ ভাজি থকা নন্দিতাই মুখখনলৈ চাই কʼলে-
: বাইদেউৰ মুখখন এনেয়েই ধুনীয়া, তাতে গা-পা ধুই অহাত আৰু ধুনীয়া লাগিছে।
তাই একো নেমাতিলে। ছাগলীৰ মাংসখিনিত নিমখ-হালধি সানিবলৈ লʼলে। শাহুৱেকে ডাইলত নিমখ দিবলৈ লৈ তাইৰ ফালে আচৰিত হৈ চালে আৰু কʼলে-
: হেৰা ইলু, কি কৰিছা? আজি মাংসত চেনি দিলা যে!
: অʼ চেনি দিলোঁ নেকি,আচলতে নিমখ বুলি চেনিকেই দিলোঁ।
: হʼব দিয়া, একো নহয়। বহুতে মাংসত সানোতেই চেনি দিয়ে।
ইলুৰাই নিজেও অবাক লাগিল। কোনোদিনতো তাই এনেকুৱা খেলি-মেলি নকৰে। এটা অচিনাকী পুৰুষকণ্ঠৰ ইমান শক্তিনে যে তাইৰ মনত আউল লগাব পাৰে। নিজকে চম্ভালি এইবাৰ তাই মনোযাগ দি ৰন্ধা-বঢ়াত লাগিল।
আবেলি ৰীমাহঁত যোৱাৰ পাছতো ইলোৰাৰ ইকবালৰ কথা মনত পৰি থাকিল। ছেঃ আৰু এবাৰ যদি ফোন কৰিলেহেঁতেন, মাচটো যে শুনি থাকিবৰ মন যায়। দুটা-মান লিখা-পঢ়াৰ কামো আছিল। জুমন-ৰুমনৰো পঢ়া-শুনা চাবলৈ আছে। কিন্তু তাই একোতে মনোযোগ দি কাম কৰিব নোৱাৰিলে। ৰাতিৰ সাজ ভাতৰ কাৰণে বিশেষ কৰিবলগীয়া নাই। দিনৰে কিবাকিবি আছেই। জুমন-ৰুমনক সোনকালে খাব দি শুৱাই থলে। দিনত শোৱা নাই। ৰাতিপুৱা সোনকালে উঠি স্কুললৈ ওলাব লাগিব। গিৰিয়েক অনন্ত আহি ঘৰ সোমাবলৈ বহু পৰ আছে। টি.ভি. আগত বহি এনেয়ে চেনেলবোৰ পকাই গʼল। এটা চেনেলো একাগ্ৰতাৰে নেচালে। টি.ভি. বন্ধ কৰি চাদলৈ উঠি গʼল। চাদৰ মুকলি বতাহত তাইৰ মনটো মুকলি মুকলি লাগিল। চাদৰ ওপৰত বাঁহ-খেৰেৰে সজা গোলাকাৰ ছালিখনৰ তলৰ পৰা চকী এখন আনি তাই মুকলি আকাশৰ তলতে বহিল। শুক্ল পক্ষৰ আকাশত তৰাবোৰ চিকমিকাই আছিল। ৰিবৰিবকৈ বলি থকা বতাহছাটিয়েতাইক জোকাৰি গʼল। কাণত যেন ইকবালৰ মাতটো বাজি উঠিল। মনটো তাইৰ কোলাৰিত হৈ পৰিল। কেনেকুৱা বাৰু দেখিবলৈ ইকবালটো? কথাকৈ থাকিলে মুখখন কেনেকুৱা লাগে দেখিবলৈ? আৰু ওখ-পাখ…
তাইৰ ভবা কথাবোৰ পূৰ নহʼল। ঘৰৰ চৌহদলৈ অনন্তৰ গাড়ীখন সোমাই আহিল। তাই চাদৰ পৰা নামি আহিল।
একসপ্তাহৰ পাছত ইকবালে আকৌ ফোন কৰিলে-
: ইলোৰা, ভালনে তোমাৰ?
: ওʼ ভাল…ভাল..।
: মই কোনে কৈছোঁ বাৰু
: সেইযে ডিব্ৰুগড়….
: বাঃ! ইমান সোনকালে চিনি পালানে?
: অʼ…..
: অফিচৰ কাম কেইটামান লৈ ইয়ালৈ আহিছিলোঁ, ভাবিলোঁ তোমাৰ খবৰ এটা লওঁ।
: তুমি এতিয়া কʼত আছা?
: হোটেলত। দহবজাৰ আগে আগে ওলাই যাম।ৱ তুমি ঘৰতে আছানে?
: অʼ….।
: মোৰ মʼবাইল নাম্বাৰটো লিখি লোৱাচোন। এইটো নম্বৰতে ফʼন কৰিবা।
ইকবালে ফোনটো থোৱাৰ পাছত তাই ভাবিলে, ফোনত ইকবালৰ মাতটো শুনাৰ লগে লগে তাইৰ বুকুখন কিয় কঁপি উঠিল? মুখৰ মাত নোলোৱা যেন হৈছিল! কিবাকিবি বহু কথা কম বুলি ভাবিও কব নোৱাৰিলো। কিবা ভাবিছে ইকবালে। আজি বুধবাৰ, যোৱা বুধবাৰে সি ফোন কৰিছিল। দুপৰীয়াটো এক অনামী ৰোমাঞ্চ, পুলকানুভূতিৰে পাৰ কৰিলে তাই। এটা মাত্ৰ পুৰুষকণ্ঠস্বৰৰ বাবে এনে হʼব পাৰেনে? ইকবালৰ এবাৰ ঘৰলৈ মাতিব পাৰিলেহেঁতেন। কেতিয়া যাব তাকে নুসুধিলে। আচলতে ফোনত তাৰ মাতটো শুনি তাই আবেগত আপোনপাহৰা হৈ পৰিছিল। কি ভাবিছে বাৰু সি? এইবোৰকে ভাবি-ভাবি আবেলি পাঁচ বজাত থকা মিটিংখনৰ কথাও পাহৰিলে। শাহুৱেকে তাইক কʼলে-
: ইলু, তোমালোকৰ মহিলা সমিতিৰ মিটিঙলৈ আজি নোযোৱা নেকি?
: এ! মই পাহৰিয়েই গৈছিলোঁ। ভাল মনত পেলাই দিলে মা।
পাঁচ বজাৰ মিটিংখন শেষ হওঁতে প্ৰায় আঠ বাজিল। ঘৰলৈ আহি কাপোৰ-কানি নসলোৱাকৈ তাই ইকবাললৈ ফোন কৰিলে-
: হেল্ল, ইকবাল।
অʼ ইলোৰা কোৱা।
: তুমি এতিয়া হোটেলতে আছানে?
: অʼ ছাৰে ন বজাৰ বাছত ঘূৰি যাম।
: ৰাতিপুৱা তুমি ফন কৰোঁতে মই বৰ ব্যস্ত আছিলোঁ, তোমাৰ লগত ভালকৈ কথাই পতা নহʼল। তুমি যে কি ভাবিছা নহয়।
: নাই, মই ধৰিব পাৰিছিলো। এতিয়া কি কৰি আছা?
: আবেলি এখন মিটিং আছিল। অঅঅঅলপ আগতেই ঘৰ সোমাইছোঁ। ভাবিলোঁ, তোমাৰ লগত কথা হওঁ।
: ৰন্ধা-বঢ়া কৰিলানে?
: আজি ৰাতিৰ সাজ শাহু আৰু জায়ে ৰান্ধিছে। ময়ো পাছত লাগি দিম। লʼৰা এজনো আছে।
: তুমি চাগে একেবাৰে হাত তিয়াই ভাত খোৱা।
: নহয়, নহয়, মোৰ নিজৰ কাম মই নিজেই কৰোঁ, আৰু ৰাতিপুৱা লʼৰা-ছোৱালীহাল সোনকালে স্কুললৈ ওলাই যায় নহয়, তেতিয়া ময়েই পাকঘৰত লাগোঁ।
: আকৌ ফন কৰিবা। তোমাৰ মʼবাইল ফʼন নাই নহয়, নোলোৱা কিয়?
: অʼ মই যে ঘৰতে থাকোঁ, সেইকাৰণে ইমান প্ৰয়োজন বোধ কৰা নাই।
: আচৰিত! আজি-কালি হাতে হাতে প্ৰায় মানুহৰে মʼবাইল আৰু তুমি প্ৰয়োজন বুলি ভবা নাই।
: অʼ! তুমি এবাৰ আজি আহিব পাৰিলাহেঁতেন।
: আজি মোৰ দিনটোত বহুত কাম আছিল।পাছত কেতিয়াবা আহিম। থঁও দিয়া।
ফোনটো থৈ তাই চাদৰ ওপৰলৈ আহিল। আজি আকাশখন বেছি পোহৰ যেন লাগিছে। বোধহয় দুই এদিনতে পূৰ্ণিমা হʼব। এই ইকবালটোৰ মাতত কি যাদু আছে বাৰু? তাৰ শুনিলেই বুকুৰ ভিতৰখন তোলপাৰ লাগে। ফোনত ভাহি অহা ইকবাললৰ কন্ঠস্বৰে তাইক ষোড়শী গাভৰুৰ দৰে চঞ্চলা কৰি তোলে। ষোড়শী গাভৰুৰ হৃদয়ত প্ৰেমে খলকনি তোলাৰ দৰে বাউলী হৈ পৰে। কিন্তু তাইতো ষোড়শী গাভৰু নহয়, দুটা লʼৰা-ছোৱালীৰ মাক। আঠত্ৰিশ বছৰীয়া প্ৰাপ্তবয়স্ক মহিলা। কিন্তু মনটো তাইৰ প্ৰথম যৌৱনত প্ৰেমত পৰাৰ দৰে হাবু-ডুবু খোৱাৰ নিচিনা হৈছে কিয়? ইকবালক সুধিব নেকি, তাইৰ লগত ফোনত কথা পাতিলে তাৰ কেনেকুৱা লাগে,তাইৰ নিচিনা মনৰ অৱস্থা হয় নেকি? নাই, নাই তাই এইবোৰ কথা তাক সুধিব নোৱাৰে, কি ভাবিব সি! অন্য পাঠকৰ নিচিনাকৈ সিও কিজানি তাইৰ লেখা পঢ়ি ভাল পায়, ফোন কৰে। ইয়াতকৈ বেছিআন একো নহয়। তাইৰহে আজি এসপ্তাহে মনটো অস্থিৰ, উদবাউল হৈ পৰিছে। ঘৰুৱা কাম-বন বোৰ কৰিলেও তাই বাৰু ইকবালৰ প্ৰেমত পৰিছে নেকি? নিজকে তাই সুধিলে। প্ৰেম! তাকো কোনোদিনে নেদেখা ইকবালৰ লগত!তাই দেখোন অনন্তক প্ৰাণভৰি ভাল পায় আৰু অনন্তইও তাইক হিয়া উজৰি মৰম-চেনেহেৰে বুৰাই ৰাখে।একোৰে অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। তেনেহʼলে! তেনেহʼলে তাইৰ এনেকুৱা অৱস্থা কিয় হৈছে? চাদৰ ওপৰৰ ফেৰফেৰিয়া বতাহজাকেও তাইৰ দেহা-মন শাঁত পেলাব পৰা নাই। ইকবালৰ কথা ভাবি, তাৰ কাল্পনিক চেহেৰা এটা মনলৈ আনি তাইৰ কপালত. নাকত, ওঁঠৰ ওপৰত কিছু কিছু ঘাম বিৰঙি উঠিল। ঘন ঘন উশাহেৰে বুকুখন উঠা নমা কৰিবলৈ লʼলে।
সোমবাৰে দুপৰীয়াও ইলোৰাৰ ইকবাললৈ মনত পৰিল। তাই ভাবিলে আজি সোমবাৰ, সি যদি আকৌ বুধবাৰেহে ফʼন কৰে? আৰু দুদিন বাট চাব নোৱাৰা হৈছে তাই। আগৰ দুদিন বুধবাৰে বুধবাৰেহে ফোন কৰালৈ চাই আকৌ অহা বুধবাৰেহে কৰিব যেন লাগিছে। কিন্তু তাই যে তাৰ মাতটো শুনিবলৈ বাউলী হৈ পৰিছে। তাই আৰু ৰʼব পৰা নাই। ফʼন কৰিলে-
: ইকবাল….
: অʼ, ইলোৰা কোৱা।
: …ভাল তোমাৰ?
: অʼ ভাল ভাল, তোমাৰ?
: ভালেই…।
: কি কৰি আছা? খোৱা-বোৱা কৰিলা?
: নাই কৰা। অলপ পাছতে জুমন-ৰুমন মানে লʼৰা-ছোৱালী দুটা স্কুলৰ পৰা পাবহি, একেলগে খাম, ৰৈ আছোঁ।
: তুমি কʼৰ পৰা কৈছো? ঘৰৰ পৰানে?
: অʼ ঘৰৰ পৰাই। কিয় সুধিলা?
: নহয় মানে ফʼন নাম্বাৰটো বেগেগ দেখিছোঁ।
: অʼ নহয়, এইটো আমাৰ বেডৰুমৰ ফোন। ইটো………
: অʼ বুজিছোঁ, বুজিছোঁ। তোমাৰ মানুহজন দেখিবলৈ কেনেকুৱা?
: একেবাৰে ৰাজকুমাৰ। আহিলে দেখিবা নহয়। তুমি বিয়া কৰালানে নাই?
: কৰালোঁ।
: তোমালোকৰ লʼৰা-ছোৱালী?
: নাই। সেইকাৰণে শ্ৰীমতীৰ মনত বৰ দুখ।
: কিমান দিন হʼল বিয়া হোৱাৰ?
: চাৰিবছৰ।
: চাৰিবছৰহে হৈছে, চিন্তা নকৰিবা। ভগৱানে সময়ত দিব।
: মই ইমান চিন্তা নকৰোঁ, তেওঁহে মন মাৰি থাকে, কথাটোৰ বাবে। অʼ বাদ দিয়া এই বোৰ
কথা। তুমি মʼবাইল ফʼন এটা নোলোৱা কিয়?
: লʼব লাগিব নেকি?
: অʼ লোৱানা।
: অʼ থৈছোঁ দেই। জুমনহঁত আহি পাইছে।
দুৱাৰখন খুলি তাউ বাহিৰলৈওলাই আহিল। দুপৰীয়াৰ ৰʼদত দুয়োটা ৰঙা পৰি আহিছে।
অনন্তয়েই স্কুলৰ পৰা অনা-নিয়া কৰে। গাড়ীখন গেৰেজত সুমুৱাই থৈ আহি অনন্তই কʼলে-
: ইলু, বৰ গৰম লাগিছেহে, ভাত দিয়াৰ আগতে মধুক নেমুৰ চৰবত দিবলৈ কোৱাচোন।
: অʼ কওঁ। জুমন, ৰুমন, তোমালোকে কাপোৰ সলাই মুখ-হাত ধোৱা, মই ভাত বাঢ়ো।
মুধুক চৰবতৰ কথা কৈ, দাইনিং টেবুলত ভাত বাঢ়ি থাকোঁতে তাইৰ ইকবালৰ কথা মনলৈ
আহিল। ইকবালহতঁৰ লʼৰা-ছোৱালী নোহোৱা কথাটোৱে তাইক ভবাই তুলিলে।
পুৱতি নিশা সোনকালে সাৰ পালে ইলোৰাই। পোহৰ হোৱাই নাই। চকু-মুখ ধুই, চুলিকোছাত ফনিখন বুলাই নাইটিটো পিন্ধিয়েই বাহিৰলৈ ওলাই আহিল। সদায় ৰাতিপুৱা তাই চোতালতে খোজ কাঢ়ে। দীঘল পদুলিৰে দহবাৰ মান অহা যোৱা কৰি থাকে। এনেকুৱা পূবে ফেহুজালি দিয়া পৰত উঠিলে নাইটি নোখোলে। পোহৰ হʼলেহে শাৰী বা মেখেলা-চাদৰ পিন্ধি লয়। দুবাৰমান অহা-যোৱা কৰোঁতেই গেটখনৰ কাষত কোনোবা থিয় দি থকা যেন লাগিল। এই ব্ৰহ্মপুৱাই কোননো আহি। তাই গেটখনৰ ওচৰৰ পোৱাৰ লগে লগে গেটৰ কাষত থকা জনে কʼলে-
: মই ইকবাল, ৰাতিৰ বাছত আহি নামিছোঁ।
: তুমি! ৰʼবা, মই চাবিটো লৈ আহোঁ।
একেদৌৰে তাই ভিতৰলৈ আহি চাবিপাত লৈ গেটখন খুলিলে। ইকবালক আলহী কোঠাত বহিবলৈ দি তাই ভৰিৰ পৰা মূৰলৈ চালে। ইকবালে কʼলে-
: আচৰিত হৈঠা নহয়, মই এনেকৈ অহাৰ বাহে। কালি ৰাতি হঠাতে আহিব লগা হʼল। ভাবিলোঁ, দিনটোত সময়েই নোলাব, বাছৰ পৰা নামিয়েই এতিয়াই দেখা কৰি যাওঁ।
: …… ।
বাথৰুম, বিছনা, টাৱেল আদি দেখুৱাই তাই ওলাই আহিব খুজিও তাই ইকবালৰ মাতত ৰৈ গʼল। কাণৰ কাষতে ইকবালে কʼলে-
: ইলোৰা, মই ভবাতকৈও তুমি বেছি ধুনীয়া।
: তুমিও…..।
ইকবালে দুৱাৰখন জপাই দিলে। কোঠাটো আন্ধাৰে আৱৰি পেলালে। ঘন ঘন উশাহ-নিশাহৰ শব্দ, দুটা দেহৰ খোলত বিচনাৰ কেৰকেৰনিৰ লগতে দুটা নাৰী-পুৰুষ কণ্ঠৰ উল্লাসভৰা, তৃপ্তিসূচক উস্ আস্ শব্দ স্পষ্টকৈয়ে শুনিবলৈ পোৱা গʼল। আৰু এটা সময়ত দুটা ভাগৰুৱা দেহা চৰম তৃপ্তিত টোপনিত ঢলি পৰিল। হঠাতে সাৰ পালে তাই। অলপ আগৰ চৰম তৃপ্তিৰ, দৈহিক মিলনৰ আৱেশ তেতিয়াও আঁতৰানাই। ফুলশয্যাৰ নিশাৰ দৰে তাইক লাজে হেচাঁ মাৰি ধৰিলে। তাইৰ কঁকালত হাত দি শুই থকা ইকবাললৈ চকু মেলি চাবলৈও তাইৰ লাজ লাগিল। তাই তাৰ গাত ভৰি তুলি দি জপটিয়াই ধৰিলে। ইকবালে তাইক জোৰেৰে সাবটি ধৰিলে। তাই চকু নেমেলিলে। বাহিৰত ৰʼদ জাক জিলমিলাই উঠিল। দুটা উষ্ণ শৰীৰ আদিমসুখত মগ্ন হʼল। ইলোৰৰহাতখন গাৰপৰা এৰুৱাই সি উঠিব খুজিলে। কিন্তু ইলোৰাই তাক জোৰেৰে সাবটি ধৰিলে। সি কʼলে—–

: নহয় ইলু, জুমন-ৰুমনক স্কুললৈ যোৱাৰ বাবে ৰেডি কৰিব লাগিব। দেৰি হʼব নহয়…

: হো……!

ইলোৰাই অনন্তৰ মৰমসনা হাতত আচৰিত হৈ চকু মেলিলে। তাৰমানে তাই অনন্তৰ লগতহে তেনেহলে পুৱতি নিশাৰ সপোনতহে ইকবাল আহিছিল। সপোন, সপোন হৈয়ে থাকক, কেতিয়াও যেন এই সপোন নফলিয়ায়। মানুহে কয় পুৱতি নিশাৰ সপোন খলিয়ায়। অতো সপোন ফলিয়ালেই। এইমাত্ৰ অনন্তৰ লগত……।

তাই মনৰপৰা ইকবালৰ কথা আঁতৰাই পেলালে। বাথৰুমৰ ওলাই আহে মানে অনন্তই মধুৰ লগ লাগি জুমন-ৰুমনক স্কুলৰ কাপোৰ পিন্ধাই আছে। মধুৱে কʼলে-

: বাইদেউ, মই ডাইন্ং চেবুলত খোৱা সাজু কৰি থৈছোঁ, আপুনি চিফিন দুটা ৰেডি কৰিলেই হʼব।

অনন্তই ৰুমনৰ টাইডাল পিন্ধাই থকাৰ পৰা কʼলে-

: মই গাখীৰ গৰম কৰিলোঁ, আৰু বেড সেকি থৈছোঁ। তোমাৰ বেছি কাম নায়েই।

ইলোৰা পাকঘৰত সোমাই টিফিন দুটা সাজু কৰিলে। মনটো তাইৰ অনুশোচনাৰে ভৰি পৰিল। ইমান মৰমীয়াল অনন্তৰ নিচিনা স্বামী থাকোঁতেওকʼৰ পৰা ইকবালৰ মাতটো শুনিয়েই কʼব নোৱাৰা হৈ পৰিছিল। আনকি এইকেইদিন লʼৰা-ছোৱালী দুটাৰো পঢ়া-শুনাতো চকু দিব পৰা নাছিল। তাই লেখা-মেলাতো মন বহুৱাব পৰা নাছিল। ইকবালৰ সন্তানহীনা পত্নীৰ কথা মনলৈ আহিল। ভগৱানক খাটিলে, সোনকালেই যেন ইকবালহতঁৰ সংসাৰলৈ এটি সন্তান আহে। ফৰকাল মন এটা লৈ জুমনহঁতৰ বাবে ডাইনিং টেবুলত খোৱা বস্তু সজালে।