অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
মানসী মিশ্ৰ
শৈশৱ , কৈশোৰ ৰ দিনবোৰৰ পৰাই গান শুনি খুব ভাল পাওঁ ।সুন্দৰ এটি গান শুনাৰ পিছত। মনত কব নোৱাৰাকৈয়ে ইতিবাচক চিন্তা ৰ জন্ম হয়।এটি নতুন কামত হাত দিবলৈ মনত উদ্যম লাভ কৰোঁ ।ৰাতি শুবলৈ যোৱাৰ আগতে দুটি গান শুনি শুবলৈ গ’লে মোৰ টোপনি সুন্দৰ হয় । সেইবাবে লৰালিৰ দিনৰে পৰা গান শুনি খুব ভাল পাওঁ ।আনকি পঢ়া শুনা কৰা সময়ৰ মাজে মাজে সুযোগ সুবিধা পালেই এটি ভাল লগা গান শুনি লওঁ । এই অভ্যাস এতিয়া লৈ থাকি গল ।মোৰ দৈনন্দিন জীৱনসূচীত এয়াই দেখোন মহৌষধৰ দৰে কাম কৰে ।
আমি স্কুল ত পঢ়ি থকা সময়চোৱাত গান শুনা ৰ বাবে ৰেডিঅ এটা অতি উপযুক্ত মাধ্যম আছিল।ৰেডিঅ ৰ যোগেদি প্ৰচাৰিত হৈছিল সুৰৰ কৰণী , গিতিমালিকা, কল্পতৰু আদিৰ দৰে সংগীতৰ অতি জনপ্ৰিয় অনুষ্ঠান কিছুমান আছিল ।তাৰ ভিতৰত সন্ধিয়া সময়ত অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু শিতান টো অতি জনপ্ৰিয় অনুষ্ঠান আছিল ।এই অনুষ্ঠান ৰ যোগেদি বহু জনপ্ৰিয় শিল্পী ৰ গীত শুনাৰ সুযোগ লাভ কৰিছিলোঁ ।সচাঁকৈয়ে গীতবোৰ আছিল খুব মনপৰশা গীত ।কথা,সুৰ ,গীতিময়িতা সকলো ফালৰ পৰাই সেই সমূহ অতি উৎকৃষ্ট মানৰ গীত।এই গান সমূহৰ মাজেদি সমাজৰ মানুহৰ মাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰিছিল ।এই গান সমূহে যে কেৱল অৱসৰ বিনোদনৰ মাধ্যম হিচাপে কাম কৰিছিল এনে নহয় । গীত ৰ কথা ৰ মাজেদি সমাজখনে লাভ কৰিছিল সুন্দৰ শিক্ষা।
এই কল্পতৰু অনুষ্ঠান যোগেদি য়ে শৈশৱ আৰু কৈশোৰৰ পৰাই পুত্ৰ সম্ৰাজ্ঞী লতা মঙ্গেশকাৰ ৰ সুমধুৰ সংগীতৰ সৈতে পৰিচিত হৈছিলো। সঁচাকৈয়ে কিযে মন পৰশা কণ্ঠ।তেখেতৰ কণ্ঠত প্ৰতিটো গানেই এক অনন্য মাত্ৰা লাভ কৰিছিল । সুৰ ,কথা, সকলো ফালৰ পৰাই প্ৰতিটো অতি উচ্চ স্তৰৰ ।aji ডাঙৰ হৈ সেই কথা ভালদৰে বুজি উঠিছোঁ ।লৰালিৰ দিন সমূহত গায়িকাৰ কণ্ঠ খুব মন পৰশি যোৱা বাবেই শুনিছিলো। এয়াও তেখেতৰ কম জনপ্ৰিয়তা নে যত গান ৰ অৰ্থ সৰু ল’ৰা ছোৱালীয়ে ভালদৰে বুজি নোপোৱাৰ পিছতো তেখেতৰ কুলিৰ দৰে কণ্ঠৰ বাবে সকলোৱে গানবোৰ শুনিছিল যিদৰে আমিও শুনিছিলোঁ ।
বুজা হোৱাৰ দিনৰে পৰা লতাজীৰ ৰ জীৱন সংগ্ৰামে তেখেতৰ প্ৰতি বাৰুকৈয়ে মোহিত কৰিছিল।খুব কম বয়সতে পৰিয়ালৰ ভাই ভনী সকলৰ সমস্ত দ্বায়িত্ত্ব বহন কৰিছিল ।নিজৰ সাধনাৰে নিজে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে আটাইকেইটা ভাগ ভনীকে সুপ্ৰতিষ্ঠিত কৰিবলৈ সমৰ্থ হৈছিল ।এয়াই আছিল তেখেতৰ মহানতা । জীৱনৰ সংগ্ৰাম বোৰে তেওঁক ভাগৰাব পৰা নাছিল। বৰং দুগুণ উৎসাহেৰে আগবাঢ়ি গৈছিল । জীৱন ৰ সংগ্ৰাম এ প্ৰতিহত কৰিব নোৱাৰা এগৰাকী সাহসী আৰু সৱল নাৰী। তেখেতৰ সাধনা আৰু অপ্ৰতিৰোধ্য কষ্ট বৰ্তমানৰ লতা মংগেশকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰধান ।হয়তো ইয়াৰ পৰা আমি সকলোৱে জীৱন ত বহুত শিকিব লগীয়া আছে ।
সৰস্বতী হিচাপে আখ্যা দিয়া ,সুৰৰ ৰাণী নাইটিংগেল গৰাকী গলগৈ এই জীৱন নাট সামৰি নেদেখা দেশলৈ ।সকলোৰে বাবে থৈ গ’ল বহু শিকিবলগীয়া ,বহু ভাবিব লগীয়া ।মৃত্যু চিৰন্তন । বিশ্বৰ জনতাক সংগীত ৰ মায়াজ্বালেৰে মুহি পেলোৱা এই সুৰৰ ৰাণী গৰাকীৰ মৃত্যু আজি শিল্প । তেখেতৰ সংগীতৰ এই শিক্ষা ,এই জীৱনৰ লানি নিছিগা সংগ্ৰাম এই খন সমাজত অলেখ জনৰ বাবে আদৰ্শ হৈ থাকক ।তেখেতৰ আদৰ্শ পথৰ পাথেয় হওঁক । কাণেৰে নুশুনা ,চকুৰে নেদেখা দেশত কুশলে থাকক ভাৰতীয় সংগীত ৰ ৰাণী ,নাইটিংগেল লতাজী। সশ্ৰদ্ধ প্ৰণাম তেখেতলৈ।