অনুভৱ – ড০ ৰাস্না ৰাজখোৱা

pc MMP PICTURES

অনুভৱ

পাহৰো বুলিয়েই পাহৰিব পৰা হ’লে
পাহৰিবলগীয়া কথাবোৰ
সকলোকে আঁৰ কৰি
বৈ থকা দুখৰ বোজাটো
অলপ হ’লেও লঘু হ’লহেঁতেন
আচলতে,
আমি সকলোৱে কম-বেছি পৰিমাণে
এটা দুখৰ বোজা কিঢ়িয়াই লৈ ফুৰাওঁ

ৰাখো বুলিয়েই মনত ৰাখিব পৰা হ’লে
মনত ৰাখিবলগীয়া কথাবোৰ
কৰো বুলিয়েই সময়ত কৰিব পৰা হ’লে
কৰিবলগীয়া কামবোৰ
কিমান সহজ হ’লহেঁতেন জীৱন
বিপদাপন্ন শব্দৰ তালিকাত
ৰঙাৰে উজ্জ্বলি উঠিলহেঁতেন ‘আপচোচ’

প্ৰকৃততে
আমি সকলোৱে সকলোৰে অজ্ঞাতে
দুটা টোপোলা কিঢ়িয়াই লৈ ফুৰাওঁ
এটা ‘দুখ’ৰ আৰু আনটো ‘আপচোচ’ৰ।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-৭৮৪১৮০
ফোন নং- ৯৮৫৪৪৯২৩২৬