অনুজ কুমাৰ শৰ্মালৈ নেৱকাছ ৰাষ্ট্ৰীয় যুৱ সাংবাদিকৰ সন্মান

অনুজ কুমাৰ শৰ্মালৈ নেৱকাছ ৰাষ্ট্ৰীয় যুৱ সাংবাদিকৰ সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ পূবৰ জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান নেৱকাছে জ্যোতিচিত্ৰবনত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীওঁ বিশিষ্ট ব্যক্তিক নেৱকাছ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে নেৱকাছে ২০২২ চনৰ ’যুৱ সাংবাদিকৰ’ সন্মান আগবঢ়াই অনুজ কুমাৰ শৰ্মাক। বঁটা লাভ কৰি অনুজ কুমাৰ শৰ্মা যথেষ্ট আৱেগিক হৈ পৰে আৰু সাংবাদিকৰ আগত শৰ্মাই কয়-‘মই এই বঁটাৰ বাবে যোগ্য নহয়। তথাপিওঁ নেৱকাছে মোক যোগ্য বুলি ভাবি যি মৰম দিলে তাৰ বাবে মই নেৱকাছৰ সভাপতি গগনাস্তম গগৈ আৰু সাধাৰণ সম্পাদক বৰষা কাশ্যপকে আদি কৰি সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ। অনুজ কুমাৰ শৰ্মাৰ এই সাফল্যত বিভিন্ন দল সংগঠন তথা বিভিন্ন ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰে।