:অনুগল্প : সুখৰ সন্ধানত – ড° লৱ ঠাকুৰীয়া
হঠাতে এদিন গাঁওৰ মানুবোৰ গোটখোৱা দেখি আগুৱাই গলো । তেওঁলোক পৰস্পৰে মৃদুসুৰত কথা পাতিছে । ক্ষন্তেক ৰৈ অনুমান কৰিব পাৰিলো সকলো কথাৰ কেন্দ্ৰবিন্দু আশীৰ উৰ্দ্ধৰ এজন বৃদ্ধলোক। জীৱনৰ প্ৰতি অসন্তুস্তিয়ে মানুহজনৰ বাহ্যিক আচৰণতো প্ৰভাব পেলাইছে । ফলশ্ৰুতিত তেওঁ হাহিবলৈ পাহৰি গৈছে আৰু বিভিন্ন মানসিক বিসংগতিয়ে দেখা দিছে ।তেওঁৰ হতাশাজনিত কাৰ্যকলাপত আন ব্যক্তি সকলো ক্ৰমাৎ অতিষ্ঠ হ’বলৈ ধৰিলে । বৃদ্ধজনৰ ঋনাত্মক চিন্তাধাৰা আৰু আচৰণে পৰিবেশ বিষময় কৰি তুলিছিল । তেওঁৰ লগত সম্পৰ্ক থকা প্ৰায় সকলোৰে মনতো এনেবোৰ কাৰ্য্যই ৰেখাপাত কৰি তেওঁলোককো হতাশগ্ৰস্ত অনিশ্চয়তাৰ পৃথিৱীলৈ লৈ গৈছিল ।সেইবাবেই সকলোৱে তেওঁক পৰিত্যাগ কৰিবলৈ ধৰিলে ।
এদিন গুজব ওলাল যে বৃদ্ধ গৰাকীয়ে আশী বছৰত ভৰি দিলে আৰু তেওঁ হাহিবলৈ ধৰিছে ।আজি তেওঁৰ কোনো আপত্তি নাই ,মুখমণ্ডলত আত্মসন্তুতিৰ আভা জিলিকি উঠিছে ।
তেতিয়াই গাঁওবাসী একগোট হৈ শুধিলে ” আজি হঠাৎ আপোনাৰ কি হ’ল ?” তেতিয়া বৃদ্ধজনে ক’লে – বিশেষ একো নাই ।আশীবছৰে মই সুখৰ সন্ধানত দৌৰিলো ।কিন্তু একো নাপালো । সেইবাবে আজি সিদ্ধান্ত লৈছো সুখৰ পিছত দৌৰি নাথাকি জীৱন টো উপভোগ কৰিম ।সেইবাবে মই সুখী ।
Don’t chase happiness:Enjoy your life