অধ্যৱসায়, সাহস আৰু সহানুভূতিয়েই সফলতাৰ মূল মন্ত্ৰ

Pc Medium

অধ্যৱসায়, সাহস আৰু সহানুভূতিয়েই সফলতাৰ মূল মন্ত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বেংকিং, ফাইনেন্সিয়েল ছার্ভিচেছ আৰু ইঞ্চিউৰেঞ্চ (বি এফ এই আই) খণ্ডৰ কেইবাগৰাকীও শীর্ষ বিষয়াই তেওঁলোকৰ অসাধাৰণ কাম-কাজৰ জৰিয়তে বাণিজ্যিক খণ্ডত সফলতা অর্জন কৰাৰ লগতে আনৰ বাবে নিদর্শনো দাঙি ধৰিবলৈ সক্ষম হৈছে।এনে কেইগৰাকীমান বিষয়া সম্পৰ্কত এক চমু প্রতিবেদন আলোক বানছাল : ডিজিঅ’নেট ছিষ্টেমছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা বি এফ এছ আই বিজনেছৰ গ্লবেল হেড আলোক বানছালে প্রযুক্তি খণ্ডত মানবীয় অনুভূতিৰে বিভিন্ন সফল পদক্ষেপ গ্ৰহণ কৰি আহিছে। দুৰদৃষ্টিসম্পন্ন এইগৰাকী বিষয়াৰ অধীনতে ভিজিঅ’নেটে ছবছৰত সাতগুণ পর্যন্ত ৰাজহ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।তেওঁৰ অধীনত প্রতিষ্ঠানটোৰ গ্রাহকসকলে সন্তুষ্টি লাভ কৰাৰ লগতে ভিজিঅ’নেটে উন্নত মানৰ সামগ্ৰীও মুকলি কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ যুৱ প্রজন্মক ভৱিষ্যতৰ কামৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে তেওঁৰ উদ্যোগতে আৰম্ভ হৈছিল ‘উন্নতি ফৰ ইণ্ডিয়া’ নামৰ বিনামূলীয়া শিক্ষণ কাৰ্যসূচীৰ।তেওঁ বিভিন্ন সাক্ষাৎকাৰত কৈ আহিছে যে অনুগামীৰ বিপৰীতে নেতা সৃষ্টি কৰাটোহে তেওঁৰ মূল উদ্দেশ্য। ক’ভিডৰ সময়ছোৱাতো তেওঁর নেতৃত্বত প্রতিষ্ঠানটোৱে যথেষ্টসংখ্যক কৰ্মচাৰীৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্য সম্পর্কীয় প্ৰত্যাহ্বান দূৰ কৰাত সহায় কৰিছিল।বেণু সুদ কার্নাড: হাউছিং ডেভেলপমেন্ট ফাইনেন্স কৰ্প’ৰেচন (এইচ ডি এফ চি) প্রতিষ্ঠানটোৰ পৰিচালন সঞ্চালক হৈছে বেণু সুদ কাৰ্নাড।তেওঁৰ মতে নিজৰ পছন্দৰ কামত জড়িত হলে সফলতা লাভ কৰাটো অৱধাৰিত তেওঁৰ বিচক্ষণ নেতৃত্বৰ বাবেই প্রতিষ্ঠানটোৱে আজি পাঁচ বিলিয়নতকৈ অধিক মূল্যৰ গৃহ ঋণ প্রদান কৰিবলৈ সক্ষম হৈছে।গ্রাহকৰ চাহিদাক সদায় গুৰুত্ব প্রদানেৰে তেওঁ হোৱাটছএপৰ জৰিয়তেও ঋণ প্রদানৰ সুবিধা আগবঢ়াইছিল। বিভিন্ন পুৰস্কাৰ লাভ কৰা বেনু সুদ কার্নাড ২০১১ চনত ইণ্ডিয়া টুডে আলোচনীৰ ২৫ মহিলা পেছাদাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।জাবিন দাৰুৱালা: ষ্টেণ্ডার্ড চার্টার্ড বেংক ইণ্ডিয়াৰ চি ই অ হৈছে জাবিন দাৰুবালা। তেওঁৰ মতে কেৰিয়াৰৰ প্ৰথম পর্যায়ত বিভিন্ন অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰা লাভ কৰা দিক নির্দেশনাই তেওঁক জটিল সিদ্ধান্ত গ্ৰহণত সহায় কৰিছিল।এতিয়াও তেওঁ গ্ৰাহক আৰু দলৰ সদস্যৰ পৰা বিভিন্ন বিষয়ৰ জ্ঞান অর্জন কৰে বুলি প্ৰকাশ কৰে। তেওঁৰ নেতৃত্বতে গ্রামাঞ্চলত এই বেংকটোরে এ টি এম স্থাপন কৰিছিল আৰু ২০০৪ চনতে কাৰ্ডৰ জৰিয়তে কৃষকক ঋণ প্রদান কৰিছিল।ভাৰতৰ কোম্পানী মেয়েটাৰী পৰীক্ষাত স্বর্ণ পদক অর্জন কৰা জানি কৰ্প’ৰেট প্লেনিং, হিউমেন ৰিছ’ৰ্চ ৰ্ক্রডিট আৰু ইনভেষ্টমেন্ট বেংকিঙৰ দৰে বেংকৰ বিভিন্ন বিভাগ- সন্দৰ্ভতো অভিজ্ঞাতাপুষ্ট। তেওঁ ফৰ্চুন ইণ্ডিয়াৰ ব্যৱসায় জগতৰ তেৰগৰাকী প্রভাৱশালী মহিলাৰ তালিকাতো অন্তৰ্ভুক্ত হৈছিল। পুষাণ মহাপাত্র এই বি আই জেনেৰেল ইন্সিওৰেন্সৰ ষ্ট্ৰেটেজিক ইনভেষ্টমেন্ট শাখাৰ অধ্যক্ষ তথা অপেন মার্কেট শালাৰ মুৰব্বী হিচাপে কর্মৰত পুষাণ মহাপাত্র। এছ বি আই জেনেৰেল ইন্সিওৰেন্সৰ ধাৰাবাহিক আশাব্যঞ্জক প্ৰদৰ্শনৰ আঁৰত থকা ব্যক্তিগৰাকীয়ে হৈছে পুৰাণ মহাপাত্র।তেওঁৰ মতে ভাৰতৰ নগৰ অঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ বাসিন্দাসকলেও বীমাৰ বিষয়টোত গুৰুত্ব প্রদান কৰা উচিত। অর্ধনগৰ এলেকা আৰু গ্ৰামাঞ্চলৰ গ্ৰাহকসকলৰ বাবে বিত্তীয় অন্তভূক্তিৰ উদ্দেশ্যে তেওঁৰ নেতৃত্বতে প্রতিষ্ঠানটোৱে আৰম্ভ কৰিছিল চহী পে’ নামৰ এক প্রযুক্তিভিত্তিক প্লেটফৰ্মৰ।মণিপাল বিজনেছ ছলউচনৰ সহযোগত এই আঁচনি ৰূপায়ন কৰা হৈছিল। ক’ভিডৰ সময়ছোৱাত পাঁচ লাখ টকাৰ স্বাস্থ্য বীমাৰ সুবিধাৰে তেওঁ দেশৰ সকলো প্ৰান্তৰ গ্ৰাহকৰ বাবে আৰম্ভ কৰিছিল আৰোগ্য সঞ্জীৱনী নামৰ আঁচনিৰ। বিগত সময়ছোৱাত বিভিন্ন প্রত্যন্ত অঞ্চলত এছ বি আই জেনেৰেল ইন্সিওৰেন্সৰ কাম-কাজ ডিজিটেল পদ্ধতিত সমাধানত অন্যতম ভূমিকা পালন কৰি আহিছিল পুযাণ মহাপাত্রই।