অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৌজনত অসমআৰক্ষী লিখিত পৰিক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৌজনত অসমআৰক্ষী লিখিত পৰিক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্ব্জিৎ দৈমাৰীৰ সৌজনত পানেৰি সমষ্টিৰ অন্তৰ্গত যুৱক যুৱতি সকলক অসম আৰক্ষী নিযুক্তিৰ লিখিত পৰক্ষীত সুখ্যাতিৰে অৱতিৰ্ণ হব পৰা কৈ বিনামূলীয়া লিখিত পৰিক্ষাৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা হৈছে। প্ৰায় সাত দিনীয়া কাৰ্যসূচীৰে ১৮ টা বিষয়ত প্ৰশিক্ষণ দিয়াৰ বাবে যোৱা ২৮ ছেপ্টেম্বৰ পৰা ৩ অক্টোবৰলৈ এই প্ৰশিক্ষণ শিবিৰ ভেৰগাও জিলা পুথিভড়ালত বিনামূলীয়া ভাৱে আয়োজন কৰা হৈছে।। যাৰ দ্বাৰাই পানেৰী সমষ্টিৰ প্ৰায় শতাধিক যুৱক যুৱতিয়ে অসম আৰক্ষী নিযুক্তিৰ লিখিত পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ নিজৰ লগতে পানেৰি সমষ্টিৰ সুনাম উজলাব বুলি একাংশই শলাগিছে অধ্যক্ষ দৈমাৰীৰ এই পদক্ষেপ।