অতুলনীয় ধৰা
ধৰাখনিত খং নাই সৰ্পৰ সমান,
জলৰ সম নাই ধৰা’ত মূল্যবান।
প্ৰকৃতিৰ সম নাই সেৱাৰ মন,
বিদ্যাৰ সম নাই সত্য মহাধন।
নদীদ্বীপ নাই মাজুলীৰ সম বৰ,
সৰু নদীদ্বীপ নামেৰে প্ৰথম উমানন্দৰ।
প্রশান্ত সাগৰৰ সম সাগৰ বৰ নাই,
সুৰীয়া গীত গাই থাকে চৰাই।
মিছিছিপি নদীৰ দৰে নদী বৰ নাই,
নদীৰ প্ৰতিটো টুপালে আনন্দ বিলাই।
সূৰ্য্যৰ সম ধৰা’ত নাই কনক কিৰণ,
ধৰাৰ চিৰন্তন সত্য জীৱৰ মৰণ।
জোনৰ সম নিশাত নাই অন্ধকাৰ হৰা চাকি,
আকাশত মুকুটাৰ দৰে তৰা থাকে জিলিকি।
কিতাপৰ সম ধৰা’ত জ্ঞানী নাই,
শান্তিৰে ভৰপূৰ হৈ থকা গাঁও এখনি ঠাই।
ফুলৰ দৰে সুবাস আৰু অলংকাৰ নাই,
দেৱকন্যাৰ কেশত ফুলে সৌন্দর্য বঢ়াই।
বৰ নাই ধৰা’ত হিমালয় সম গিৰি,
সকলোতকৈ উচ্চ মোৰ মৰমৰ জনমভূমি।
মানুহৰ দৰে নাই ধৰা’ত অধম,
শিক্ষা আৰু ভক্তিৰে ভৰপূৰ ধৰম।
সুযোগেৰে ভৰপূৰ হয় কৰম,
মিঠা সম লাগে কৰিলে মৰম।
শত্ৰু নাই ৰোগৰ সমান,
সংসাৰৰ এই মায়াজালৰ পৰা ওলোৱা হয় টান।
উৎসৱৰ দৰে নাই আনন্দৰ বতৰ,
পৰ্বত হয় সুন্দৰ আৰু নিজৰাৰ ঝৰ ঝৰ।
তিতা সম লাগে কলে কথা মিছা,
পখিলা আৰু মৌৰ দৰে নাই ফুলে ফুলে উৰা।
মিঠাফল নাই ধৈৰ্য্যৰ সমান,
মনোবল বঢ়াবলৈ শুনিবা এটি গান।
সিংহৰ দৰে শক্তিশালী, অৰণ্যৰ নাই ৰজা,
সৈনিকৰ দৰে নাই মহান আত্মা।
ধনৰ বাবে মানুহ হয় অহংকাৰী,
ধৰা’ত অধম, অপমানিত কৰিলে নাৰী।
নাৰীৰ সম নাই সৃষ্টিকৰ্তা আৰু জীৱন সংগিনী,
প্ৰতিটো সফলতাৰ কাহিনীত, বিশেষ ভূমিকাত নাৰী।
ৰাছিয়াৰ সম নাই অত্যায়ত দেশ,
আফ্ৰিকাৰ সম নাই প্রাকৃতিক পৰিৱেশ।
মাতৃ হয় সকলোৰে জীৱনৰ মহান যুদ্ধা,
পিতৃ হয় বিশেষ বন্ধু, আৰু জন্মদাতা।
আৰক্ষীৰ দৰে দেশত জাগ্ৰত নাই,
সত্য বন্ধু থাকিলে সুখ পদে পদে পাই।
কঠোৰ পৰিশ্ৰমি নাই কৃষকৰ সমান,
হৰে আমাৰ ভোক আৰু, পথাৰত উপচাই ধান।
সময়ৰ দৰে নাই ধৰা’ত গতিশীল,
দিনৰ সম আকাশ নাই নীল।
ঈশ্বৰেই মহান আৰু জগতৰ স্বামী,
কবিতাৰ সম নাই মনৰ প্ৰকাশভংগী।
–নিতিষ্মান দাস,
সপ্তম শ্রেণী