অতীতৰ দুখত এভূমুকি – লখিমী শৰ্মা

PC - iStock
অতীতৰ দুখত এভূমুকি 
লখিমী শৰ্মা, যোৰহাট 
চোতালৰ কাষতে থকা কৰবী গছজোপাত চিঁ – চিঁয়াই এটা ডালৰ পৰা আনটো ডাললৈ জপিয়াই ফুৰা চৰাই হাল আৰু পোৱালী কেইটালৈ চাই উৰ্বশীয়ে কিবা এটা ভাবিছে । তাইক আজি – কালি প্ৰায়েই মন মাৰি থকা দেখা যায় ।চৰাই কেইটিলৈ চাই তাই ভাবিছে , কিমান যে আনন্দ সেই চৰাই কেইটিৰ । আন নহ’লেও চৰাই পোৱালী কেইটাই মাক – দেউতাকৰ মৰম – স্নেহ আৰু তত্বাৱধান পাইছে । কিন্তু তাই নিজকে পোৱালী কেইটাৰ লগত তুলনা কৰি উপলব্ধি কৰিলে যে – সৌভাগ্যৱান চৰাই পোৱালী কেইটাৰ দৰে তাইৰ ভাগ্যখন এনে নহয় । তাইৰ কঁপালত হয়তো মাক – দেউতাকৰ মৰম লিখিবলৈ কণা বিধাতাই পাহৰিলে ।চৰাইহালে পোৱালী কেইটাক টোপ খুওৱা আৰু উৰিবলৈ শিকোৱা আদি দেখি তাইৰ মনটো অতীতৰ বুকুলৈ উৰা মাৰিলে । তাইৰো আছিল মাক – দেউতাক আৰু এটা মৰম লগা ভায়েক কিন্তু অতীতে তাইৰ আপোনসকলক তাইৰ পৰা কাঢ়ি নিলে । তাইৰ দেউতাক আছিল এজন ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা । মাক আছিল গৃহিনী আৰু ভায়েক আছিল পঢ়া – শুনাৰ পৰা আদি কৰি সকলোতে পাৰ্গত বিধৰ এটা ল’ৰা । নিজৰ এই সৰু পৰিয়ালটোৰ সৈতে তাই সুখ – শান্তিত বাস কৰিছিল । কিন্তু হঠাৎতে অহা এজাক ধুমুহাই সকলোবোৰ ছেদেলি – ভেদেলি কৰি পেলালে । এতিয়া তাই আইতাকৰ লগতে থাকে । পঢ়া – শুনাৰ মাজতো আইতাকৰ লগত ঘৰৰ ইটো – সিটো কামৰ লগতে আইতাকক সকলো কথাই বিৱৰি কয় উৰ্বশীয়ে আজি । এতিয়া যেন তাইৰ বাবে আইতাকয়ে সকলো তাইৰ বাবে । আইতাকক নোকোৱাকৈ একোয়ে নকৰে তাই । হঠাৎতে এদিন আইতাক অসুস্থ হোৱাত তাই বৰকৈ ভয় খাই  তাই লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ধৰে , ডাক্তৰৰ ওচৰত গৈ পোৱাৰ পিছত যেতিয়া ডাক্তৰে আইতাকক চোৱা – চিতা কৰি উৰ্বশীক ক’বলৈ ধৰে — মাজনী , তুমি বৰ বেছি চিন্তা নকৰিবা ! বৰ বেছিকৈ চিন্তা কৰিবলগীয়া একো কাৰণ নাই । তোমাৰ আইতা সোনকালেই সুস্থ হৈ উঠিব । মাথোঁ তুমি মই লিখি দিয়া এই দৰৱ খিনি সময়মতে খোৱাই থাকিবা । এইদৰে ডাক্তৰে কোৱাৰ পিছত দুয়ো ঘৰলৈ গুচি যায় ।