অতি শীঘ্ৰে ভাৰত বায়’টেকৰ নোজেল প্ৰতিষেধকৰ পৰীক্ষণ চলাব দিল্লী এইমছে
অনলাইন বাৰ্ত্তাসেৱা – অতি শীঘ্ৰে ভাৰত বায়’টেকৰ নাকেৰে দিয়া প্রতিষেধকৰ পৰীক্ষণ চলাব দিল্লী এইমছে। এই কৰ’নাৰ প্রতিষেধক প্রস্তুতকর্তা প্রতিষ্ঠানটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ অতি শীঘ্ৰে আৰম্ভ কৰাৰ কথা সূত্ৰ এটাই সদৰী কৰে। কৰ’না প্ৰতিৰোধৰ বাবে নোজেল স্প্রে প্রতিষেধক উন্নত কৰা প্রতিষ্ঠানটোৱে যোৱা আগষ্ট মাহতে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছে। জানিব পৰা মতে, ভাৰত বায়’টেকৰ এই প্ৰতিষেধকটোৰ পৰীক্ষণৰ মুখ্য নিৰীক্ষক হৈছে ডাঃ সঞ্জয় ৰায়। উল্লেখযোগ্য যে ১৮-৬০ বছৰ বয়সৰ কেইবাজনো স্বাস্থ্যৱান লোকৰ শৰীৰত ইতিমধ্যে প্রথম পৰ্যায়ৰ পৰীক্ষণ ভালদৰে সম্পন্ন কৰা হৈছে।
(UD.)